সত্যতা নিৰূপণ: নহয়, এই ভিডিওটো ভাৰত-চীন সীমান্তত কৃষকসকলে সেনাৰ কনভয় এটাক বাধা দিয়াৰ ভিডিও নহয়

0 303

ভাৰতীয় সেনাই কেইজনমান শিখ ব্যক্তিৰ সৈতে আলোচনা কৰি থকাৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটো ভাৰত-চীন সীমান্তত সেনাৰ কনভয় এটা কৃষকসকলে বাধা দিয়াৰ পাছত সেনাৰে হোৱা আলোচনাৰ সময়ৰ বুলি দাবী কৰা হৈছে।

তাৱাং ছেক্টৰত ভাৰত-চীনৰ মাজত চলি থকা শীতল যুদ্ধৰ সময়তে ভিডিওটো শ্বেয়াৰ কৰা হৈছে।

ফেচবুকত প্ৰচাৰিত ভিডিওটোৰ সৈতে কেপচনত লিখা আছে- “চীনে সীমান্তলৈ বগাই আহিছে, যুদ্ধৰ সম্ভাবনা প্ৰকট হৈ পৰিছে, ভাৰতে সীমান্তলৈ সেনা মোতায়েন কৰিছে। এনে কঠিন সময়তে কৃষকসকলে সেনাৰ কনভয় যোৱাত বাধা দিছে, কনভয় দুভাগত বিভক্ত হৈছে, এভাগ পাৰ হৈ যাবলৈ অনুমতি দি আনটো ভাগক ৰখাই থোৱা হৈছে। সেনাই কথাটো ভাল পোৱা নাই, সেনা বিষয়াই কৃষকসকলক অনুৰোধ কৰিছে, কিন্তু তেঁওলোকলৰ মনত কোনো প্ৰভাব পৰা নাই।এই দৃশ্য দেখি তেঁওলোকলৈ থকা সন্মান নোহোৱা হৈছে আৰু কোৱল মোৰেই নহয়, মোৰ দৰে বহু শ্ৰমিকে তেঁওলোকৰ এই কাৰ্য বেয়া পাইছে।”

(Original Text: चीन सीमा पर चढ़ आया है युद्ध की आशंका है भारत अपनी सेना पहुंचा रहा हे ऐसे नाजुक समय में किसानों ने सेना के काफिले को रोक दिया है इसे दो भागों में बाट दिया गया है आधी गाडिय़ों को जाने दिया और आधी को रोक दिया सेना परेशान हे अफसर विनती कर रहे हैं पर इन पर कोई असर नही हो रहा आज यह देखकर मेरे मन में इनके प्रति जो सम्मान था वो खत्म हो गया और मैं ही नही इस देश का समझदार पढ़ा लिखा और गरीब मजदूर भी इनकी इस हरकत को देख कर इनसे नफरत ही करेगा)

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট  ইয়াতইয়াতইয়াত আৰু  ইয়াত আছে।.

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

অনুসন্ধানৰ আৰম্ভনিত আমি মূল শব্দৰে ইণ্টাৰনেটত বিচাৰ কৰিলো, কিন্তু ভাইৰেল হোৱা পোষ্টটোত দাবী কৰা ধৰণে কোনো বাতৰি আমি লাভ নকৰিলো। যদি তেনে কোনো ঘটনা ঘটিলহেঁতেন, তেন্তে নিস্চয় এই সন্দৰ্ভত সংবাদ প্ৰতিষ্ঠানে বাতৰি প্ৰচাৰ কৰিলে হয়।

আমি ২৭ ছেপ্তেম্বৰ ২০২১ত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো, তাত লিখা আছিল- “ভাৰত বন্ধঃ জৱন্ধৰত সেনাৰ কনভয়ক কৃষকে আধা ঘণ্টা ৰখাই থয়।“ বাতৰিটোত উল্লেখ কৰা হৈছে-  “ঘটনাটো পুৱা সাত বজাত সংঘটিত হৈছিল। অমৃতসৰৰ পৰা যোৱা সেনাৰ এটা কনভয় PAP উৰণীয়া সেঁতুৰ সমীপত আগবাঢ়িবলৈ দিয়া হোৱা নাছিল। হাৰিয়ানাৰ ৰথকলৈ গৈ থকা কনভয়টোত প্ৰায় ১২খন সেনাৰ ট্ৰাক আৰু জীপ আছিল।  

২৮ ছেপ্তেম্বৰ ২০২১ত প্ৰকাশিত আন এক বাতৰিত উল্লেখ আছে- কৃযক আন্দোলনকাৰীয়ে ভাৰত বন্ধৰ সময়ত সেনাৰ কনভয় এটা ৰখাইছিল, তেঁওলোকৰ মতে কনভয়টোত ভাৰতৰ সেনা আছিল নে পাকিস্তানৰ সেনা আছিল সেয়া চাবলৈ ৰখোৱা হৈছিল।   

ওপৰৰ বাতৰিটো পিটিচি নিউজৰ টুইটাৰতো ২০২১ৰ ২৭ ছেপ্তেম্বৰত প্ৰচাৰ কৰা হৈছিল। তাত থকা লেখনিত উল্লেখ আছিল-,“জলন্ধৰতকৃষকে সেনাৰ কনভয় ৰখাইছিল, শেষত কি হ’ল চাওক।”

ਜਲੰਧਰ ‘ਚ ਕਿਸਾਨਾਂ ਨੇ ਰੋਕੀਆਂ ਫੌਜ ਦੀਆਂ ਗੱਡੀਆਂ, ਵੇਖੋ ਜੋ ਅੱਗੇ ਹੋਇਆ#FarmersProtest #Farmers #KisanAndolan #FarmersBharatBandh #KisanEktaZindabad #FarmersAgitation pic.twitter.com/8gnSHsTjAF

ওপৰৰ তথ্যই প্ৰমাণ কৰিলে যে ভাইৰেল পোষ্টটোৰ দাবী অসত্য।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক