সত্যতা নিৰূপণ: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ভাইৰেল ক্লিপ ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে

0 4,601

শেহতীয়া ২০২৪ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত অখিলেশ যাদবৰ নেতৃত্বৰ সমাজবাদী পাৰ্টীয়ে ৩৭খন আসন লাভ কৰে। অথচ বিজেপিয়ে ২০১৯ৰ ৬৩খন আসনৰ তুলনাত মৈত্ৰ ৩৩খন আসনহে লাভ কৰিলে।

Agএনে সময়তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এটা ভিডিও সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে। দাবী কৰা মতে ভিডিওটো ২০২৪ৰ নিৰ্বাচনৰ ফলাফলৰ পাছৰ।

ভাইৰেল ক্লিপটোত তেওঁক কোৱা শুনা গৈছে: “আমাৰ দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ মুছলমানৰ। আপোনালোকে দেশখন সংখ্যালঘু-সংখ্যাগুৰুৰ নামত দ্বিখণ্ডিত কৰিব বিচাৰিছে নেকি?”

একেধৰণৰ ভিডিওইয়াত আৰু ইয়াত পাব।  পোষ্টটোৰ এটা আৰ্কাইভ লিংক ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভাইৰেল ক্লিপটো সুক্ষ্মভাবে পৰ্যবেক্ষণ কৰাত নিউজ মোবাইলৰ দলে ভিডিওটোৰ ওপৰৰ সোঁফালে ৰাজস্থান পত্ৰিকাৰ লগো আৰু এএনআইৰ মাক্ৰোফোন দেখা পালে।ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ৰাজস্থান পত্ৰিকাৰ ইউটিউব চেনেলৰ এটা বাতৰি পালে। তাৰ শিৰোনাম আছিল “লোকসভা নিৰ্বাচন ২০২৪: কংগ্ৰেছৰ ওপৰত CM যোগীৰ আক্ৰমণ- ’আপোনালোকে দেশখন ভাগ ভাগ কৰিব বিচাৰিছে’ । CM যোগী । বিজেপি । কংগ্ৰেছ । লোকসভা নিৰ্বাচন”, তাৰিখ ২৩ এপ্ৰিল, ২০২৪। একে তাৰিখতে প্ৰচাৰ কৰা  ভিডিওটোৰ বৰ্ধিত অংশও আমি ANIৰ YouTube  চেনেলত দেখা পালো।.

 

ভিডিওটোক কংগ্ৰেছক আক্ৰমণ কৰি যোগীয়ে কৈছে: “আমাৰ দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ মুছলমানৰ।” তাৰ পাছত তেওঁ কংগ্ৰেছক উদ্দেশ্যি কৈছিল “আপোনালোকে দেশখন মুছলমান-অমুছলমানৰ নামত দ্বিখণ্ডিত কৰিব বিচাৰিছে নেকি?”

ইয়াৰোপৰি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও তেওঁৰ নিজা X হেণ্ডেলত ২০২৪ৰ ২৩ এপ্ৰিলত  ভিডিওটো টুইট কৰে ।  

 

এইদৰেই এয়া স্পষ্ট হয়, ভাইৰেল ভিডিওটোত নিজৰ ভাষ্যৰ সমৰ্থনতহে মুখ্যমন্ত্ৰী যোগীয়ে কথাখিনি কৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel