সত্যতা নিৰূপণ: এই ভিডিওটোত আফগানসকলে পাকিস্তানৰ সুৰক্ষা চকী জ্বলাই দিয়া দেখা গৈছে নেকি? সত্য জানিবলৈ পঢ়ক

0 245

তালিবানে ২০২১ৰ আগষ্টত আফগানিস্তান দখল কৰাৰ পাছত বহু আফগান নাগৰিকে চুবুৰীয়া ৰাষ্ট্ৰ, বিসেষকৈ পাকিস্তানলৈ পলাই গৈছে। শেহতীয়াকৈ আফগানিস্তান আৰু পাকিস্তান সীমান্তৰ চমন- স্পিন বল্ডাক পথত হোৱা চূড়ান্ত ভিৰৰ বাবে পদপিষ্ট হৈ এজনৰ মৃত্যুও হৈছে।

এনে পৰিস্থিতিৰ মাজতেই সামাজিক মাদ্যমত এটা ভিডিও ভাইৰেল হৈছে, তাত দাবী কৰা হৈছে যে আফগানিস্তান আৰু পাকিস্তান সীমান্তত অলপতে হোৱা সংঘৰ্যৰ সময়ত আফগান সকলে পাকিস্তানৰ সুৰক্ষা চকী জ্বলাই দিয়াৰ দৃশ্য ভিডিওটোত দেখুওৱা হৈছে।

পেচবুকত প্ৰচাৰ হোৱা ভিডিওটোৰ কেপচনত লিকা আছে- “আফগানিস্তান আৰু পাকিস্তান সীমান্ত। আফগানসকলে পাকিস্তানী সেনাক আক্ৰমণ কৰিছে। দুজন পাকিস্তানী সৈন্য নিহত!”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

ভিডিওটোৰ কমেণ্ট সমূহলৈ লক্ষ্য কৰাত দেখিলো বহুতে ভিডিওটো পুৰণি বুলি দাবী কৰিছে। সেয়ে ইনভিড ছফ্টৱেৰৰ সহায়ত ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলো।  

আমাৰ অনুসন্ধানৰ জৰিয়তে ৩১ জুলাই ২০২০ত ইউটিউবত আপলোড কৰা এটা দীঘলীয়া ভিডিও লাভ কৰিলো। ভিডিওটোৰ বিৱৰণিত লিখা “চমন সীমান্তৰ সংঘৰ্ষৰ মূল ঘটনাটো, ৩০ অসামৰিক লোক আহত, ইয়াৰে ৫জন নিহত।”

এই তথ্যৰ সহায়ত অনুসন্ধান কৰাত আমি উইৱন নামৰ নিউজ চেনল এটাই আপলোড কৰা ভিডিও লাভ কৰিলো, এই ভিডিওটো বাইৰেল হোৱা ভিডিওটোৱেই আছিল। ভিডিওটো ২০২০ চনৰ ১ আগষ্টত আপলোড কৰা। তাত থকা কেপচনত লিখা আছিল- পাকিস্তান সীমানতৰ সংঘৰ্ষত ১৫ আফগান নাগৰিক নিহত।”.

আৰু অধিক অনুসন্ধান কৰাত ২০২০ত প্ৰকাশ পোৱা কেইবাটাও বাতৰি লাভ কৰিলো।এইবোৰতো একেটা ঘটনাৰেই বিৱৰণ আছিল, আফগাৱিস্তান-পাকিস্তান সীমান্তৰ এই সংঘৰ্ষত ২২ লোকৰ মৃত্যু হোৱা বুলিও বাতৰিত উল্লেখ আছিল।

২০২০ চনৰ ৩১ জুলাইত প্ৰচাৰিত আন এটা বাতৰিত প্ৰকাশ পোৱা অনুসৰি কোভিড১৯ৰ পৰিপ্ৰেক্ষিতত সীমান্ত বন্ধ কৰি দিয়াত আৰু মানুহে ইড উল আডাৰ বাবে তেঁওলোকৰ প্ৰিয়জনক লগ পাব বিচৰাৰ বাবেই এই ঘটনাৰ সূত্ৰপাত হয়। বাতৰিটোত পুনৰ কোৱা হয়, “যেতিয়া সীমান্ত খুলি দিয়া নহল, বহু সংখ্যক প্ৰতিবাদী লোক তাত গোট খালে আৰু এটা কোৱেৰাণ্টাইন চেণ্টাৰ. পাকিস্তান চৰকাৰৰ এটা কাৰ্যালয় জ্বলাই দিয়া হয়।”

যিহেতু ভাইৰেল ভিডিওটোত পাকিস্তানী সৈন্য নিহত হোৱাৰ কথাও দাবী কৰিছে যে  আমি সেই সন্দৰ্ভতো অনুসন্ধান কৰিলো আৰু জানিবলৈ পাৰিলো যে ২০২১ৰ আগষ্টত সীমান্তত হোৱা গুলীয়াগুলীত দুজন পাকিস্তানী সৈন্যও নিহত হৈছিল।

এই তথ্যসমূহৰ পৰা স্পষ্ট হল যে ভিডিওটোৰ সৈতে কৰা দাবী অমূলক, ভিত্তিহীন।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক