সত্যতা নিৰূপণ: এজন মানুহক শিলাবৰ্ষণ কৰি হত্যা কৰাৰ এটা পুৰণি ভিডিও তালিবানৰ শেহতীয়া অত্যাচাৰৰ ভিডিও বুলি দাবী কৰা হৈছে

0 264

আগষ্টত তালিবানে আফগানিস্তান দখল কৰি ২০২১ৰ ৭ ছেপ্তেম্বৰত চৰকাৰ দখল কৰাৰ পাছত শিলাবৰ্ষণেৰে এজন মানুহক হত্যা কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ভিডিওটোত তালিবানসকলে পঞ্চশিৰ উপত্যকাত চলোৱা অত্যাচাৰৰ দৃশ্য দেখুওৱা বুলি দাবী কৰিছে।

সামাজিক মাধ্যম ব্যৱহাৰকাৰী এজনে ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিকিছে-  “তালিবানী শাসনত আফগানিস্তান পুনৰ প্ৰস্তযুগীয় পৰম্পৰাৰ দিনলৈ উভতি গৈছে। #StandWithPanjshir #panjshir #AhmadMassoud #TalibanDestroyingAfghanistan #FreeAfghanistan #ResistTyranny #revolution #Kabul #mazaresharif #Kandahar #usa #terror #CrimesAgainstHumanity.”

পোষ্টটোৰ লিংক ইয়াত পাব। একে ধৰণৰ পোষ্টৰ লিংক ইয়াতইয়াত আৰু  ইয়াতপাব।

সত্যতানিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে একেটা ভিডিও ২০১৮ চনৰ ২০ এপ্ৰিলত প্ৰচাৰ কৰি কেপচনত লিখিছিল- “আফগানিস্তানত ৫ বছৰীয়া শিশুক ১৫ মিনিটত বলাত্কাৰ কৰিছিল। এতিয়া আইনী ব্যৱস্থা বলাত্কাৰীক শিল দলিয়াই মৃত্যুদণ্ড দিয়া হৈছে…”

এই পোষ্টৰ পৰাই ‘৬০ বছৰীয়া বৃদ্ধই ৫বছৰীয়া নাবালিকাক বলাত্কাৰ’ – এই মূল শব্দ লৈ আমি অনুসন্ধান কৰাত আমি জোমহৰ্ণ ডট কমত এটা বাতৰি লাভ কৰিলো।

আইএছআইএছ সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই আফগানিস্তানৰ জৌজেন প্ৰদেশত ৫বছৰীয়া নাবালিকাক বলাত্কাৰ কৰা ‘৬০ বছৰীয়া বৃদ্ধক শিলাবৰ্ষণ কৰি মৃত্যুদণ্ড দিয়ে। বাতৰিটোৰ সৈতে ভাইৰেল ভিডিওটোৰ এটা দৃশ্যৰ স্ক্ৰীণশ্বট দেখা গৈছিল।

BBC Persia also reported about the incident on June 22, 2018.

ওপৰৰ তথ্যবোৰৰ পৰাই স্পষ্ট হয় যে মানুহ এজনক শিলাবৰ্ষণেৰে মৃত্যদণ্ড দিয়া পুৰণি ভিডিওকেই প্ৰচাৰ কৰি তালিবানৰ বৰ্বৰতাৰ নিদৰ্শন বুলি ভুৱা দাবী কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9এই নম্বৰত হোৱাটচ আপ কৰক