সত্যতা নিৰূপনঃ২০২১ৰ চীনৰ ছিজিয়াজুৱাঙৰ ভিডিওকে চাংছাৰ শেহতীয়া ঘটনাৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰিছে

0 314

চীনৰ চাংছাত ১৬ ছেপ্তেম্বৰ ২০২২ত এটা ৪২ মহলীয়া আকাশচুম্বী আট্টালিকাত জুই লাগে। এই জুইৰ সূত্ৰপাত হৈছিল ৰাষ্ট্ৰীয় টেলিকমিউনিকেচন প্ৰতিষ্ঠান চাইনা টেলিকমত। সৌভাগ্যবশতঃ সোনকালে জুই নুমুৱাবলৈ সক্ষম হোৱাত এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।  

এনে সময়তে এটা ১০ ছেকেণ্ডৰ ভিডিও সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে এয়া চাংছাৰ অগ্নিকাণ্ডৰ ভিডিও।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিচে-  জ্বলন্ত স্থানৰ বিতৰ ভাগৰ ফুটেজ #চাইনাটেলকমআকাশচুম্বীঅট্টালিকা #চাংছা

আপুনি ভিডিওটো ইয়াতচাব পাৰিব। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই ফটোখনসন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ইনছাইডাৰ পেপাৰৰে ২০২১ৰ ৯ মাৰ্চত পোষ্ট কৰা এটা টুইত লাভ কৰিলো। ইয়াৰ কী ফ্ৰেমবোৰৰ ভাইৰেল ভিডিওটোৰ সৈতে হুবহু মিল আছে।

টুইটটো ভালদৰে চোৱাত জানিবলৈ পাৰিলো যে ভিডিওটো ২০২১ত চীনৰ ছিজিয়াজুঙৰ অগ্নিকাণ্ড সংঘটিত অট্টালিকাটোৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা, ভাইৰেল ভিডিওটোত দাবী কৰাৰ দৰে নহয়।  একেটা ভিডিও এছিয়ান অছিণ্টটুইটতো প্ৰচাৰ কৰা হৈছিল। 

ভিডিওটোৰ সন্দৰ্ভত আৰু অধিক অনুসন্ধান কৰাত আমি চীনৰ সংবাদ প্ৰতিষ্ঠান ফ্ৰণ্টলাইনে ২০২১ৰ ১০ মাৰ্চত প্ৰচাৰ কৰা এটা ফেচবুক ভিডিও লাভ কৰিলো। এই ভিডিওটোৰ সৈতেও ভাইৰেল ভিডিওটোৰ হুবহু মিল আছে। আনকি এই ভিডিওটোৰ কেপচনত এয়া চীনৰ ছিজুংজুৱাঙৰ অট্টালিকাত সংঘটিত অগ্নিকাম্ডৰ ভিডিও বুলি উল্লেখ আছে।

একে ধৰণৰ ভিডিও বহুকেইটা ইউটিউব চেনেলত প্ৰচাৰ হৈছে, সেইবোৰ  ইয়াত  আৰু  ইয়াত. চাব পাৰিব।

যদিও ভাইৰেল ভিডিওটোৰ প্ৰকৃত উত্স উলিয়াব পৰা নগল তথাপি এয়া স্পষ্ট যে আমি বিচাৰি থকা ভিডিওটো ২০২১ চনৰ চীনৰ ছিজিয়াজুৱাঙৰ অট্টালিকাত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ আৰু চীনৰ চাংছাৰ ৪২ মহলীয়া অট্টালিকাৰ অগ্নিকাণ্ডৰ সৈতে কোনো সম্পৰ্ক নাই।

সেয়ে, এই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি আমি কব পাৰো যে ভাইৰেল ভিডিওটো পুৰণি আৰু এয়া চীনৰ চাংছাৰ অগ্নিকাণ্ডৰ ঘটনাৰ বুলি কৰা দাবী ভিত্তিহীন, ভুৱা। 

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।