সত্যতা নিৰূপনঃ স্মৃতি ইৰাণীৰ সম্পাদিত ফটোত দেখুওৱা হৈছে যে তেওঁ কংগ্ৰেছৰ ‘ভাৰত যোড়ো যাত্ৰা প্ৰযবেক্ষণ কৰিছে’

0 316

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে তেওঁৰ লেপটপত ৰাহুল গান্ধীৰ ফটো এখন চাই থকা অবস্থাৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে তেওঁ কংগ্ৰেছৰ ভাৰত যোড়ো যাত্ৰা সুক্ষ্ম ভাবে নিৰীক্ষণ কৰি আছে।

ফটোখন ফেচবুকত প্ৰচাৰ কৰি কেপচনত লিখিছে-  “ভাৰত যোড়ো যাত্ৰাত ৰাহুল যাত্ৰাত ছিলিণ্ডাৰ চচ্চীৰ কাঢ়া নজৰ।

ওপৰৰ পোষ্টটো  ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

সাধাৰণ ভাবে ৰিভাৰ্ছ ইমেজ চাৰ্ছত ফটোখন দিয়াত আমি স্মৃতি ইৰাণীৰ ইনষ্টাগ্ৰামত মূল ফটোখন লাভ কৰিলো। ফটোখনৰ কেপচনত আছে-অতিমাৰিৰ পুৱা।” 

 

View this post on Instagram

 

A post shared by Smriti Irani (@smritiiraniofficial)

আমি দেখিলো, ভাইৰেল ফটোখনত থকাৰ দৰে স্মৃতি ইৰাণীৰ লেপটপৰ স্ক্ৰীণত ৰাহুল গান্ধীৰ ফটো নাই।  একেদৰে ভাইৰেল ফটোখনত গিলাছটোত থকা পানীয়খিনিৰ ৰং সলোৱা হৈছিল, যাতে  দেখাত মদৰ দৰে লাগে। তলত দুয়োখন ফটোৰ ৰিজনি দিয়া হৈছে।

এনেদৰেই ওপৰৰ তথ্যসমূহৰ পৰা এয়া স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন সম্পাদিত আৰু স্মৃতি ইৰাণীয়ে কংগ্ৰেছৰ ভাৰত যোড়ো যাত্ৰা পৰ্যবেক্ষণ কৰা বুলি ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।    

সেয়ে ভাইৰেল পোষ্টটোত কৰা দাবী সত্য নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।