সত্যতা নিৰূপণ: ২০১৮ চনৰ আলাস্কাৰ ভিডিও এঠা ইণ্ডোনেছিয়াৰ শেহতীয়া ভূমিকম্পৰ ভিডিও বুলি ভাইৰেল হৈছে

0 316

যোৱা ১৪ ডিচেম্বৰ ২০২১ত ৭.৩ প্ৰাবল্যৰ এটা ভূমিকম্পৰ ফলত ইঁণ্ডোনেছিয়াত বা-মাৰলীৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতেই ইণ্ডোলেছিয়াৰ শেহতীয়া ঘটনাৰ দৃশ্যৰ বুলি দাবী কৰা এটা ভিডিও  সামাজিক মাধ্যমত ভাইৰেল হৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে- “#ইঁণ্ডোনেছিয়া: ৰ ভয়ংকৰ দুৰ্যোগ চাওক। ৭.৩ প্ৰাবল্যৰ এটা ভূমিকম্পই ফ্লোৰচ দ্বীপক জোকাৰি গৈছিল“#ইঁণ্ডোনেছিয়া: সম্ভবতঃ #বা-মাৰলী. #বা-মাৰলিৰ সংকেত #বা-মাৰলী-ইণ্ডোনেছিয়া।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।.

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

ভিডিওটোৰ মূল ফ্ৰেমকেইটাৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৮ চনৰ ১ ডিচেম্বৰত প্ৰচাৰিত এটা টুইট লাভ কৰিলো, তাত একেটা ভিডিও দিয়া আছিল। টুইটটোত লিখা আছিল-  “#akearthquake #Earthquake .@Ch2KTUU  আজি পুৱা অলপ জোকাৰি গ’ল।”

আৰু অধিক অনুসন্ধানত আমি একেটা ভিডিও এজন মাৰ্কিন বতৰবিজ্ঞানীয়ে ২০১৮ৰ ১ ডিচেম্বৰত ফেচবুকত প্ৰচাৰ কৰা দেখিলো।ভিডিওটোৰ কেপচনত লিখা আছিল “ঘৰৰ ভিতৰৰ পৰা আলাস্কাৰ ভূমিকম্পৰ এটা ভিডিও, বৰ ভয়ংকৰ। এই ভিডিওটো জেমচ ইষ্টনৰ পৰা লোৱা। শংকাৰ কাৰণটো হল অহা কেইটামান বছৰত সমগ্ৰ পশ্চিম উপকূলত এনে আৰু অধিক জোকাৰণিৰ সম্ভাৱনা আছে।.”

<iframe data-src=”https://www.facebook.com/plugins/video.php?href=https%3A%2F%2Fwww.facebook.com%2FTVsJordanSteele%2Fvideos%2F1174038099431890%2F&show_text=0&width=560″ width=”560″ height=”315″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share” allowFullScreen=”true”></iframe>

এই উত্সৰ পৰা তথ্য লৈ অনুসন্ধান কৰাত দেখিলো ২০১৮ৰ ৩০ নৱেম্বৰত অংকোৰেজ (আলাস্কাৰ সৰ্ববৃহত্ নগৰ)ত ৭.০ প্ৰাবল্যৰ এটা ভূমিকম্প আহিছিল আৰু ভাইৰেল হোৱা ভিডিওটো ২০১৮চনৰেই, শেহতীয়া নহয়।

আৰু অধিক অনুসন্ধানত আমি কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি লাভ কৰিলো, এই বাতৰিসমূহতো ২০১৮ চনৰ ভূমিকম্পৰ একেটা ভিডিও প্ৰচাৰ কৰিছিল। তাৰ বিৱৰণিত আছে- “এংকোৰেজ ভূমিকম্পৰ দৃশ্য.” ভিডিওটোৰ ১: ৪৩:২৩ ছেকেণ্ডত ভাইৰেল ভিডিওটো দেখা গৈছিল।

২০২১ চনত  আলাস্কাৰ শেহতীয়া ভিজিও বুলি দাবী কৰা একেটা ভিডিও পূৰ্বেও নিউজ মোবাইলে ভুৱা বুলি প্ৰতিপন্ন কৰিছিল।

Fact Check: Old Video From 2018 Viral As Recent Earthquake In Alaska

এনেকৈ প্ৰমাণ হয় য়ে আলাস্কাৰ পুৰণি ভিডিও এটাকেই ইঁ্ডোনেছিয়াৰ ভূমিকম্পৰ শেহতীয়া ভিডিও বুলি মিছাকৈ দাবী কৰা হৈছিল। সেয়ে, ভাইৰেল হোৱা ভিডিওটোৰ সৈতে কৰা দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক