সত্যতা নিৰূপণ:: ক্ৰোধিত কৃষকে বিজেপিৰ পতাকা জ্বলোৱাৰ ২০২১চনৰ ভিডিওকেই শেহতীয়া ঘটনাৰ ভিডিও বুলি প্ৰচাৰ কৰিছে

0 553

হাৰিয়ানাৰ এলেনাবাদৰ একাংশ খঙাল কৃষকে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গাড়ী ভঙাৰ লগতে পতাকা জ্বলাই দিয়াৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এয়া ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰ ক্ষোভিত কৃষকে কৰা কাৰ্য বুলি দাবী কৰিছে।

এজন ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিওটো  পোষ্ট কৰি  তলত দিয়া ধৰণে কেপচনত লিখিছে
#হাৰিয়ানা
কালি এলেনাবাদত ভাজপাৰ প্ৰচাৰ চলোৱা গাড়ীৰ পৰা কৃষকসকলে পতাকা কাঢ়ি আনি জ্বলাই দিয়ে।
ক্ষোভিত কৃষকসকলে BJP,JJP নেতাসকলক নিজৰ গাঁৱত প্ৰবেশ নিষিদ্ধ কৰিলে। এতিয়া তেওঁলোকৰ পতাকাও গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে।..👊
#কৃষকআন্দোলন২০২৪ 
#MSP_কৃষক_সকলৰ_প্ৰাপ্য_হৈছে #NoVoteForBJP #ModiDownDown
#হাৰিয়ানা


পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোৱাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইল  দলে ২০২১ৰ ৭ অক্টোৱৰত এজন অচিনাকি ব্যক্তিৰ এটা ফেচবুক পোষ্ট দেখা পালে। ইয়াৰ কেপচনত স্পষ্ট হয়, যে ভিডিওটো ২০২১তে পৰচাৰ কৰা আৰু এই ঘটনা এলেনাবাদৰ। ইয়াৰ সৈতে সম্প্ৰতি চলি থকা প্ৰতিবাদৰ কোনো সম্পৰ্ক নাই।

খাছ হাৰিয়ানা নামৰ ইউটিউব চেনেলটোতো ২০২১ৰ ৭ অক্টোৱৰত প্ৰচাৰিত এটা ভিডিওৰ সৈতেও ভাইৰেল ক্লিপটোৰ মিল আছে। কিন্তু ইয়াৰ পোষ্ট কৰা তাৰিখ বৰ্তমানৰ ঘটনাৱলীৰ সময়তকৈ বহু পূৰ্বৰ।

ইয়াৰ পৰাই কব পাৰি যে এলেনাবাগত ক্ৰোধিত কৃষকে বিজেপিৰ পতাকা জ্বলোৱাৰ শেহতীয়া ঘটনা বুলি কৰা দাবী ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel