সত্যতা নিৰূপণ: সম্পাদনা কৰা এটা পোষ্ট আমিৰ খানে এটা ৰাজনৈতিক দলক সমৰ্থন কৰা বুলি ভাইৰেল হৈছে

0 473

২০২৪ লোক সভা নিৰ্বাচনৰ সময়তে বলিউড অভিনেতা আমিৰ খানৰ এটা ভিডিও সামাজিক মাধ্যমত ৱহুল ভাবে প্ৰচাৰ হৈছে। ভিডিওটোত ভোটাৰ সকলক ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে সজাগ হৈ ভোট দিবলৈ আহ্বান জনোৱা হৈছে। ভিডিওটোৰ শেষলৈ কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনোৱা হৈছে।

ভিডিওটোত আমিৰ খানক হিন্দীতে কোৱা শুনা গৈছে: “আপোনালোকে যদি ভাৰতক দুখীয়া ৰাষ্ট্ৰ বুলি ভাবিছে তেন্তে সেয়া ভুল। কাৰণ ইয়াৰ প্ৰতিজন নাগৰিকেই লাখপতি। প্ৰতিজন নাগৰিকৰেই কমেও ১৫ লাখকৈ টকা থাকিব লাগে।  আপোনালোকে কি কৈছিল? আপোনালোকে এই টকা পোৱা নাই? তেন্তে এই ১৫ লাখ টকা ক’লৈ গ’ল ? ভুৱা প্ৰতিশ্ৰুতি সন্দৰ্ভত সাৱধান হওক।


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাৱ। একে ধৰণৰ আৰু অধিক পোষ্ট ইয়াতইয়াতইয়াত আৰু ইয়াত  পাব।

সত্যতা নিৰূপণ

নিউজ মোৱাইলে এই ভিডিওটো সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এয়া  ডীপ ফে’ক ভিডিও বুলি প্ৰতিপন্ন কৰে।

ভিডিওটো সুক্ষ্মভাবে পৰ্যবেক্ষণ কৰাত ‘লাখপতি’, ‘পোন্ধৰ লাখ’ আৰু ‘ঝুমলেৱাডোঁ’ আদি শব্দ উচ্চাৰণৰ সময়ত তেওঁৰ ওঁঠ সঞ্চালনত বিসংগতি (lip-sync,) দেখা গৈছে।     

কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত  নিউজ মোবাইল  দলে আমিৰ খানে সঞ্চালনা কৰা সত্যমেব জয়তে নামৰ শ্ৱ’টোৰ মূল অংশ লাভ কৰিলে।   ২০ আগষ্ট ২০১৬  ভিডিওটোৰ সৈতে আলোচ্য ভিডিওটোৰ হুবহু মিল দেখা গৈচে।

 

ওপৰতোল্লেখিত ভিডিওটো ইয়াত পাব। মূল ভিডিওটো হ’ল আমিৰ খানৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা অনুষ্ঠান সত্যমেব জয়তেৰ দ্বিতীয় সংস্কৰণৰ ৪ৰ্থ খণ্ডৰ প্ৰমোচন।  

ভাইৰেল ভিডিওটোৰ কীফ্ৰেমৰ ফটোৰ সৈতে সত্যমেব জয়তেৰ প্ৰমোৰ ৰ ভিডিওটো ৰিজাই চোৱাত আমিকেইটামান দুয়োটা ভিডিওতে লক্ষ্যণীয় মিল দেখা পালো।

মূল ভিডিওটোত আমিৰ খানে কয়: “বন্ধুসকল আপোনালোকে যদি ভাৰতক এখন দুখীয়া ৰাষ্ট্ৰ বুলি ভাবিছে, তেন্তে আপোনালোকে ভুল ভাবিছে। কাৰণ এইখন দেশৰ প্ৰতিজন নাগৰিক কোটিপতি। প্ৰত্যেকেই কমেও ১ কোটি টকা লাভ কৰিব লাগে। আপোনালোকে কি কয়আপোনালোকে এই ধনৰাশি পোৱা নাই?  ১ কোটি?  অহা দেওবাৰে পাব।

ইতিমধ্যে আমিৰ খানে তেওঁৰ মুখপাত্ৰৰ জৰিয়তে এই ভিডিওটো ভুৱা বুলি কোৱাৰ লগতে এই সন্দৰ্ভত মুম্বাই আৰক্ষীৰ ছাইবাৰ অপৰাধ শাখাত গোচৰো ৰুজু কৰা বুলি প্ৰকাশ কৰে।

বিভিন্ন সংবাদ মাধ্যমে আমিৰ খানৰ মুখপাত্ৰৰ উদ্ধৃতি দি কৈছে: “আমিৰ খানে এটা বিশেষ ৰাজনৈতিক দলক সমৰ্থন জনোৱা বুলি দাবী কৰা এটা ভিডিও সন্দৰ্ভত আমি যথেষ্ট সচেষ্ট হৈছো। তেওঁ এই সন্দৰ্ভত স্পষ্ট কৰি দিয়ে যে ভিডিওটো সম্পৰ্ণৰূপে ভুৱা।  তেওঁ এই সন্দৰ্ভত মুম্বাই আৰক্ষীৰ ছাইবাৰ চেলসহ বিভিন্ন বিভাগক জনাইছে।

স্পষ্টীকৰণটোত পুনৰ কোৱা হৈছে- আমি স্পষ্ট কৰি দিব বিচাৰো যে আমিৰ খানে তেওঁৰ ৩৫ বছৰীয়া অভিনয়ৰ এই সময়চোৱাত কোনো ৰাজনৈতিক দললৈ সমৰ্থন আগবঢ়োৱা নাই।  তেওঁ যোবা কেইবাটাও নিৰ্বাচনত ভোটদান সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা অনাৰ বাবে নিৰ্বাচন আয়োগক সহায় কৰি আহিছে। খানে সকলো ভাৰতীয়কে ভোটদান কৰি নিৰ্বাচনী প্ৰক্ৰিয়া সফল কৰাৰ বাবে আহ্বান জনাইছে। 

এই বাতৰিবোৰ ইয়াতইয়াত আৰু ইয়াত পাব।

এই তথ্যৰ আধাৰত মোখনি মাৰি ক’ব পাৰি, ভিডিওটোত আমিৰ খানে বিশেষ ৰাজনৈতিক দলক সমৰ্থন কৰা অংশটো আৰ্টিফিছিয়েল ইণ্টেলিজেন্স (AI)ৰ দ্বাৰা সম্পাদিত। 

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel