সত্যতা নিৰূপণ: ৰামেশ্বৰম কাফেত বিস্ফোৰণৰ কোনো তথ্য ওলোৱা নাই, ভাইৰেল হোৱা দাবী ভিত্তিহীন

0 733

কৰ্ণাটকৰ বিখ্যাত ৰামেশ্বৰম কাফেত ১মাৰ্চ ২০২৪ত সংঘটিত এটা বোমা বিস্ফোৰণত ১০ জন লোক আহত আহত হৈছিল আৰু এই বাতৰিটো দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কেফেৰ ভিতৰত হোৱা বিস্ফোৰণে সকলোকে আচৰিত কৰিছিল। তদন্তৰ সময়ত মাস্ক পৰিহিত এজন লোকে এই ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছিল। মানুহজনে কাপেৰ পৰা কিছু খাদ্য সামগ্ৰী ক্ৰয় কৰিছিল। এই বিস্ফোৰণৰ উদ্দেশ্য এতিয়াও স্পষ্ট নহল। কিন্তু কৰ্তৃপক্ষৰ সন্দেহ দুৰ্বৃত্তই ইচ্ছাকৃতভবে বোমাটো সংস্থাপন কৰিছিল। এনে সময়তে দীঘল দাঢ়ি থকা এজন লোকৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ৰামেশ্বৰম কাফেত আইডি ব্লাষ্ট কৰোৱা মানুহজন এইজন, নাম আব্দুল ছেলিম।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন প্ৰচাৰ কৰি কেপচনত লিখিছে: “বাংগালুৰুৰ কেফে বিল্ফোৰণৰ মূল অভিযুক্ত অন্ধ্ৰপ্ৰদেশৰ মাইডাকুৰু কাড়াপাত গ্ৰেপ্তাৰ। আৰক্ষীয়ে কাফে বিস্ফোৰণৰ মূল অভিযুক্ত বুলি সন্দেহ কৰি আব্দুল ছেলিম নামৰ এই লোকজনক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজন PFIৰ সক্ৰিয় সদস্য বুলি জানিব পৰা গৈছে।

পোষ্টটো আপুনি  ইয়াত চাব পাৰিব

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

 ‘Bangalore blast arrest’, ‘Rameshwaram café blast arrest’, বুলি লিকি গুগলত অনুসন্ধান কৰাত আমাৰ দলে ডেক্কান হেৰল্ডত  ৩ মাৰ্চ ২০২৪ত প্ৰকাশ পোৱা এটা বাতৰি ৱাভ কৰিলে, তাৰ শিৰোনামত আছে: “বাংগালুৰু বিল্ফোৰণ: গৃহ মন্ত্ৰী  পৰমেশ্বৰাই NIA and NSGৰ যুটীয়া অনুসন্ধানত যিমান পাৰি সোনকালে অভিযুক্তক চিনাক্ত কৰি কৰায়ত্ব কৰিব পৰা যাব।

 

বাতৰিটোৰ মতে বাংগালুৰু আৰক্ষীৰ কেন্দ্ৰীয় অপৰাধ শাখা (CCB)ই প্ৰাথমিক তদন্তৰ কাম হাতত লৈছে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা ভুৱা বাতৰি সন্দৰ্ভত বাতৰিটোত স্পষ্ট কৰি দিয়া হয় যে এই ঘটনা সন্দৰ্ভত আব্দুল ছেলিম নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা কথাটো বাংগালুৰুৰ কৰ্তৃপক্ষ আৰু কাড়াপা আৰক্ষীয়ে অস্বীকাৰ কৰিছে।  কাড়াপা আৰক্ষীৰ এজন বিষয়াই এই সন্দৰ্ভত কয়,ছেলিম পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI) ৰ এজন নেতা, তেওঁক তেলেংগানাৰ এটা গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে।বিস্ফোৰণৰ ঘটনাৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই আৰু ভাইৰেল হোৱা দাবীবোৰ ভিত্তিহীন বুলিও তেওঁ কয়।

বাতৰিটোৰ মতে নিজামাবাদৰ PFIভাৰত বিৰোধী কাৰ্যত লিপ্ত হোৱা আৰু সংঘৰ্ষৰ প্ৰচেষ্টাৰ এটা  গোচৰত NIA ৰ দ্বাৰা ২ মাৰ্চ ২০২৪ ছেলিমক গ্ৰেপ্তাৰ কৰা হৈছিল। 

বাংগালুৰু আৰক্ষীৰ আয়ুক্তৰ একাউণ্টত ২মাৰ্চ ২০২৪ত প্ৰচাৰিত এটা পোষ্টত লিখিছে: “এই গোচৰৰ অনুসন্ধানৰ দায়িত্ব কেন্দ্ৰীয় অপৰাধ শাখাক দিয়া হৈছে। ঘটনাত আঘাতপ্ৰাপ্ত লোকসকল সম্প্ৰতি আৰোগ্যৰ পথত। আৰু এই সন্দৰ্ভত এতিয়ালৈ কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।” সংবাদ মাধ্যমক কোনো ভুৱা বাতৰি বিয়পোৱাৰ পৰা বিৰত থাকবলৈও আহ্বান জনায় আৰক্ষী বিষয়াই।

 

দ্য বিজনেছ ষ্টেণ্ডাৰ্ডতো প্ৰকাশিত এটা বাতৰিত গোচৰটো NIAক হস্তান্তৰ কৰা হব পাৰে বুলি ইংগিত দিয়া হৈছিল আৰু ঘটনাটোৰ সৈতে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি উল্লেখ কৰা হৈছে।

এই তথ্যৰ দ্বাৰাই অন্ধ্ৰ প্ৰদেশত গ্ৰেপ্তাৰ হোৱা লোকজনেই কৰ্ণাটকৰ ৰামেশ্বৰম কাফেত IED বিস্ফোৰণ ঘটোৱা অপৰাধীজন বুলি প্ৰচাৰ হোৱা দাবী ভুৱা বুলি প্ৰমাণিত হ’ল। 

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest News updates and viral videos on our AI-powered smart news