সত্যতানিৰূপণ:মনসুখ মান্দব্যলৈ জোতা দলিওৱা ২০১৭ চনৰ এটা ভিডিওকেই শেহতীয়া ঘটনা বুলি দাবী কৰা হৈছে

0 316

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা মনসুখ মান্দব্যৰ গালৈ গুজৰাটত জোতা দলিওৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ফেচবুকৰ এই সন্দৰ্ভত লিখা হৈছে: কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মান্দব্যক গুজৰাটৰ পোৰবন্দৰত জোতাৰে স্বাগতম জনাইছে ?

ওপৰৰ পোষ্টটো ইয়াতপাব।

সত্যতানিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

  ‘মনসুখ মান্দব্য’, ‘জোতা’, আৰু ‘গুজৰাট’ আদি মূল শব্দ প্ৰয়োগেৰে গুগলত অনুসন্ধান কৰাত আমাৰ দলে দ্য টাইমছ অৱ ইণ্ডিয়াত ২০১৭ৰ ২৯ মে’ত প্ৰচাৰিত এটা  ভিডিওৰ বাতৰি লাভ কৰিলো। বাতৰিটোৰ মতে গুজৰাটৰ ভৱনগৰ জিলাৰ বল্লভপুৰাৰ এটা অনুষ্ঠানত পাতিদৰ আন্দোলনৰ এজন সদস্যই মান্দব্যৰ গালৈ জোতা দলিয়াইছিল।

আমি হিন্দুস্তান টাইমছত ২০১৭ৰ ২৮ মেটত প্ৰচাৰিত বাতৰি এটাও লাভ কৰিলো। তাত লিখা আছে-  “হাৰ্দিক পেটেলে নেতৃত্ব দিয়া পাতিদৰ অনমত আন্দোলন সমিতিৰ সদস্য এজনে জোতা দলিয়াইছিল। অৱশ্যে জোতাপাত পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মান্দব্যই জনসমাৱেশত ভাষণ দি থকা সময়ত মঞ্চত তেওঁৰ পৰা কিছু দূৰত পৰিছিল।”

 

বাতৰিটোৰ মতে এই ঘটনাৰ পাছত স্থানীয় আৰক্ষীয়ে ভবেশ সোনানী নামৰ এজন ২০ বছৰীয়া ছাত্ৰক গ্ৰেপ্তাৰ কৰে। বল্লভীপুৰ থানাৰ উপ-পৰিদৰ্শক পি এছ ৰিজৱিয়ে কয়: “আমি মন্ত্ৰীৰ গালৈ জোতা দলিওৱা সোনানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৫৩ দফা (ৰাইজৰ সেৱকক আক্ৰমণ কৰা)ৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।”

আন বহুকেইটা সংবাদ মাধ্যমেও ২০১৭ৰ মে’ মাহৰ এই ঘটনা সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰিছে। এই বাতৰিসমূহ ইয়াত, ইয়াত আৰু  ইয়াতপাব।

এনেদৰেই স্পষ্টহয়, ২০১৭ত পাতিদৰ আন্দোলনৰ আন্দোলনকাৰীয়ে মনসুখ মান্দব্যৰ গালৈ জোতা দলিওৱা ভিডিও এটাকেই শেহতীয়াঘটনাৰ ভিডিও বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel