সত্যতা নিৰূপণ: ২০২৪ৰ লোকসভা নিৰ্বাচনত ইভিএমৰ দ্বাৰাহে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ’ব, বেলট পেপাৰেৰে নহয়

0 332

লোকসভা নিৰ্বাচনৰ পূৰ্বে এখন বাতৰি কাকতক কটা অংশ এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। কটা অংশত থকা বাতৰিটোত এইবাৰ নিৰ্বাচন বেলটৰ দ্বাৰাহে সম্পন্ন হব, ইলেক্ট্ৰনিক ভোটিং মেচিন বা ইভিএমৰ দ্বাৰ সম্পন্ন নহয় বুলি উল্লেখ কৰা হৈছে।

হিন্দীতে থকা শিৰোনামত আছে: “আয়োগৰ নচুন নিৰ্দেশনা ইভিএম নহয়, বেলট পেপাৰেৰেহে হব ভোটদান।” 

কাকতৰ কটা অংশৰ সংলগ্ন থকা পোষ্টটোত লিখা আছে: “লোকসভা নিৰ্বাচনৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে #নতুন নিৰ্দেশনা #আয়োগৰ নতুন নিৰ্দেশ: ইভিএম নহয়, বেলট পেপাৰেৰেহে হব ভোটদান।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।  একেধৰণৰ আন এটা পোষ্ট ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত নিউজ মোবাইল  ৰ দলে ভাইৰেল দাবীৰ সত্যতা প্ৰতিষ্ঠা কৰিব পৰা কোনো বাতৰি লাভ নকৰিলে। অবশ্যে ভাৰতৰ নিৰ্বাচন আয়োগৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহত অনুসন্ধান কৰাত ভাইৰেল পোষ্টটোৰ দাবী ভুৱা বুলিহে প্ৰচাৰ কৰা দেখা পালো।

ECIৰ এটা দাবীৰ দ্বাৰা স্পষ্ট কৰি দিয়া হয় এইবুলি: “ছত্তিশগড়ৰ এখন দৈনিক কাকতে ২০২৪ৰ লোকসভা নিৰ্বাচনত ঙোটদান  বেলট কাকতৰ জৰিয়তেহে, ইভিএমৰ দ্বাৰা নহয় বুলি প্ৰাচৰ কৰা বাতৰিটো ভুৱা আৰু ভিত্তিহীন। তেনে ধৰণৰ কোনো নিৰ্দেশনা দিয়া হোৱা নাই।

https://x.com/ECISVEEP/status/1773549812547240307

ওপৰৰ তথ্যসমূহেই প্ৰমাণ কৰে, ভাইৰেল পোষ্টটোৰ দাবী ভুৱা, ভোটদান ইভিএমৰ দ্বাৰাই সম্পন্ন হ’ব।

 

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel