সত্যতা নিৰূপণ: চেন্নেইৰ আৰক্ষীয়ে ইংলেণ্ডৰ নাগৰিকক পইচা নিদিয়াৰ বাবে মাৰপিট কৰিছিল নেকি? সত্য জানিবলৈ পঢ়ক

0 270

আৰক্ষীয়ে ৰাস্তাৰ মাজত এজন উলংগ মানুহক আটক কৰিবলৈ চেষ্টা কৰাৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে চেন্নাই আৰক্ষীয়ে ইংলেণ্ডৰ এজন লৌ ৱাহিনীৰ বিষয়াক পইচা নিদিয়াৰ বাবে মাৰ ধৰ কৰিছে লগতে আৰক্ষীৰ এনে ব্যৱহাৰে ভাৰতৰ সন্মান লাঘব কৰিব বুলিও কোৱা হৈছে।

ফেচৱুকত ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: “তাজা খবৰ! পইচা নিদিয়াৰ বাবে চেন্নাইৰ ভাৰতীয় আৰক্ষীয়ে ইংলেণ্ডৰ নৌ বাহিনীৰ এজন বিষয়াক মাৰ-ধৰ কৰিছে। এই ঘটনাই বিশ্বত ভাৰতৰ সন্মান লাঘব কৰিছে।


ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে। আৰ্কাইভৰ লিংক  ইয়াত আছে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰাত  নিউজ মোবাইলৰ  দলে  ফ্ৰী প্ৰেছ জাৰ্নীল  ২ এপ্ৰিল ২০২৪ত প্ৰকাশ হোৱা এটা বাতৰি লাভ কৰিলে।  বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি দুজন বিদেশী নাগৰিকে চেনানইৰ ৰয়পেটা অঞ্চলত অসুবিধাৰ সৃষ্টি কৰিছিল। নিচাসক্ত লোকদুজনক আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও মানুহ দুজনৰ উৎপাত কমা নাছিল। ইয়াৰোপৰি এজনে এজন মটৰচাইকেল আৰোহীক আক্ৰমণহে কৰিছিল।

 

আমি বহুকেইটা সংবাদ মাধ্যমত এই  বাতৰিটো প্ৰচাৰ হোৱা দেখিলো।  কোনোটোতেই চেন্নাই আৰক্ষীয়ে পইচা নিদিয়াৰ বাবে ইংলেণ্ডৰ লোকক মাৰপিট কৰা বুলি প্ৰকাশ কৰা নাছিল।

প্ৰকাশিত বাতৰি   অনুসৰি ভিডিওটোত থকা মানুহজন আমেৰিকাৰ আৰু তেওঁৰ নাম জে এল উইলছ, তেওঁ আমেৰিকাৰ নৌ বাহিনীৰ বিষয়া।  উইলছে তেওঁৰ ২৪জন সংগীৰ সৈতে এখন মললৈ গৈছিল আৰু বাতৰি অনুসৰি তেওঁ নিচাসক্ত হৈ চেন্নাইৰ ৰয়পেটা অঞ্চলত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তেওঁ কাষেৰে অহা-যোৱা কৰা লোকক কামুৰিবলৈও খেদি গৈছিল।

ইয়েই প্ৰমাণ কৰে যে ভিডিওটোৰ সৈতে কৰা দাবী ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel