সত্যতা নিৰূপণ: অসমৰ মন্দিৰবোৰৰ পুৰোহিতসকলে মাহেকত ১৫০০০টকাকৈ আৰ্থিক সাহায্য পাব নেকি? সত্য জানিবলৈ পঢ়ক

0 415

অসমত মন্দিৰবোৰৰ পুৰোহিতসকলক ৰাজ্য চৰকাৰে ১৫০০০টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব বুলি দাবী কৰা এটা  পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে। বিভিন্ন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এই সিদ্ধান্তৰ বাবে মুক্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই পোষ্ট শ্বেয়াৰ কৰিছে।

এজন  ফেচবুক ব্যৱহাৰকাৰীয়ে  হিন্দীতে লিখা কেপচনসহ এখন ফটো শ্বেয়াৰ কৰিছে। কেপচনত আছে- “অসমৰ মুখ্যমন্ত্ৰী হিমন্ত দাদাৰ চৰকাৰে ৰাজ্যৰ মন্দিৰসমূহৰ পুৰোহিতলৈ মাহেকত ১৫০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব। সকলো সনাতনীৰ হৈ হিমন্ত দাদালৈ প্ৰণাম।”

ভাইৰেল হোৱা একেই পোষ্টটো  টুইটাৰ তো আছে।.

সত্যতা নিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

এই সন্দৰ্ভত কেতবোৰ মূল শব্দ ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰাত আমি কেইবাটাও বাতৰি লাভ কৰিলো যত  অসম চৰকাৰে    মন্দিৰৰ পুৰোহিত আৰু নামঘৰীয়াসকললৈ ১৫০০০টকাৰ আৰ্থিক সাহায়্য আগবঢ়াব বুলি উল্লেখ কৰা হৈছিল। কিন্তু ভাইৰেল হোৱা পোষ্টটোত দাবী কৰাৰ দৰে এই সাহায্য মাহেকত নহয়, এককালীন সাহায়্যহে।

ইণ্ডিয়া টুডে ৰ এটা বাতৰিৰ এঠাইত উল্লেখ আছে  “মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বহা কেবিনেট সভাত  কোভিড ১৯ৰ অতিমাৰিৰ সময়ত দুৰ্ভোগ ভোগা মন্দিৰৰ পুৰোহিত আৰু নামঘৰীয়াসকললৈ ১৫০০০টকাৰ আৰ্থিক সাহায়্য আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হয়।”

লাইভ মিণ্ট ত প্ৰকাশিত বাতৰি অনুসৰি ২০২১চনৰ  আগষ্টত কোভিড ১৯ৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বাছ চালক আৰু হেণ্ডিমেনসকললৈ এককালীন ১০০০০টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্তৰ লগতে  এই সিদ্ধান্তটোও গ্ৰহণ কৰা হৈছিল।

নৰ্থইষ্ট ক্ৰণিকল আৰু   দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতেও একে ধৰণৰ বাতৰি পৰিবেশন কৰিছে। বাতৰিটোৰ মতে পঞ্জীয়নৰ বাবে এটা অন লাইন পোৰ্টেল খোলা হ’ব।

সেয়ে, এই দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9এই নম্বৰত হোৱাটচ আপ কৰক