সত্যতা নিৰূপণ: ভাৰতৰ গোহালীত এই গৰুকেইটা মৰিছিল নেকি? ইয়াৰ একাংশফটো দক্ষিণ আফ্ৰিকাৰ

0 405

মৰা গৰুৰ ফটোসহ কেইটামান পোষ্ট সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে। যিসময়ত গৰু কটা আৰু গো মাংস খোৱাটো অনুচিত বুলি প্ৰচাৰ চলাই থকা হৈছে, সেই সময়ত গৰুবোৰক ভোকে পিয়াহে গোহালীত এনেদৰে ৰাখি থোৱাটো যুক্তি সংগত হৈছেনে বুলি পোষ্টটোত চৰকাৰক প্ৰশ্ন কৰা হৈছে।

পোষ্টটোত আছে- “সততাৰে উত্তৰ দিয়ক ? যদি গো হত্যা কৰা পাপ, তেন্তে গোশালাত এনেদৰে গৰুবোৰ ভোকে-পিয়াঁহে ৰাখি যন্ত্ৰণা দি হত্যা কৰাটো পুন্য নেকি? গৰুৰ খাদ্যৰ বাবে আগবঢ়োৱা ১৬০-১৬৫ টকা কাৰ জেপলৈ যায় কোনে ক’ব।”

সত্যতা নিৰূপণ
এই সন্দৰ্ভত নিউজ মোবাইলে সত্যতা নিৰূপণ কৰি এই পোষ্টটোত দাবী কৰা তথ্য ভুৱা বুলি প্ৰতিপন্ন কৰে।

 

আমি ফটোকেইখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত দুই তিনিখন ফটোহে ভাৰতৰ ফটো বুলি জানিব পাৰিলো।

 

ফটো-১

প্ৰছম ফটোখন আমি  ৰয়টাৰৰ ব্লগ ত দেখা পালো। তাত থকা কেপচনৰ পৰা জানিব পাৰো যে ফটোখন ২০৯৯ চনৰ, কেনিয়াৰ আথি নৈৰ কাষৰ কেনিয়া মিট কমিছন (KMC) ৰ ফটো।

ফটো-২

এই ফটোখন  আফ্ৰিকান এগ্ৰিকালচাৰ শীৰ্ষক ৱেবছাইটোত ২০০৯ চনত প্ৰকাশ পোৱা দেখিলো। তাৰ কেপচনত আছে-  “আথি নৈৰ বুকুত মৰা গৰুৰ লানি। বৃহস্পতিবাৰে কেনিয়া মিট কমিছন (KMC)ত মাংসৰ বাবে গৰু কাটিবলৈ ৰৈ থকাৰ সময়তে কেইবা শ গৰুৰ মৃত্যু হয়। আৱেল মিচিংসিৰ ফটো।”

ফটো-৩

তৃতীয়খন ফটো বাৰতৰ ৰাজস্থানৰ। ফটোখন কেইবাটাও   সংবাদ প্ৰতিষ্ঠানৰ ছাইট. ত প্ৰকাশ পাইছে।   দেনিক আজ ত ২০১৬ চনত এই ফটোখন প্ৰকাশ পাইছিল। বাতৰিটোত খাদ্যৰ অভাবত গোহালীতেই গৰুৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছিল।

 

ওপৰৰ তথ্যই প্ৰমাণ কৰে পোষ্টটোৰ দাবী ভিত্তিহীন, আনকি তিনিখন ফটোৰ দুখনেই ভাৰতৰ ফটো নহয়।