সত্যতা নিৰূপণ: ‘মানবীয়তাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যা’ৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা বা ‘হু’ৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰা হৈছে নেকি?; সত্য জানিবলৈ পঢ়ক

0 425

COVID-19 অতিমাৰিৰ ফলশ্ৰুতিত বিশ্বজুৰি ৬৪ লাখতকৈও অধিক লোকৰ মৃত্যু হৈছে। বহুকেইগৰাকী ষড়যন্ত্ৰ গবেষকে দাবী কৰে, বহুকেইগৰাকী বিশ্ব নেতাকে ধৰি হু (WHO )ৰ সঞ্চালক টেড্ৰোছ আধানম ঘেব্ৰেয়েছাছে অনুমোদন জনোৱা COVID-19 প্ৰতিষেধক মানবজাতিৰ বিৰুদ্ধে জৈৱিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে।

এই প্ৰসংগতে বহুকেইগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এখন ফটো আৰু এটা লিংক শ্বেয়াৰ কৰি দাবী কৰিছে যে বিশ্বজুৰি COVID-19ৰ হত্যাৰ ষড়যন্ত্ৰত জড়িত থকাৰ বাবে ঘেব্ৰেয়েছাছক গ্ৰেপ্তাৰ কৰা হৈছে।

শ্বেয়াৰ কৰা লিংকটোৰ শিৰোনামত আছে-মানবীয়তাৰ বিৰুদ্ধে অপৰাধত জড়িত থকাৰ বাবে WHO ৰ সঞ্চালকক অহা মে মাহত কাৰ্যকৰী হোৱাকৈ গ্ৰেপ্তাৰ কৰা হব।

বহুকেইগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এটা ৱেবছাইটৰ স্ক্কীণশ্বট শ্বেয়াৰ কৰিছে, যত লিখা আছে-social media users have shared a screenshot of the website that reads: “WHOৰ বৰ্তমানৰ সঞ্চালক টেড্ৰোছ আধানম ঘেব্ৰেয়েছাছক মানবীয়তাৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু জৈৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ অপৰাধত ইণ্টাৰপলে গ্ৰেপ্তাৰ কৰিছে।.”

পোষ্টটোৰ লিংক ইয়াত. আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

সঠিক কী ৱৰ্ড বা মূলশব্দ প্ৰয়োগ কৰি ঘেব্ৰেয়েছাছক ইণ্টাৰপলে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত গুগলত অনুসন্ধান কৰিলো। ইণ্টাৰপলৰ ৱেবছাইটত এই সন্দৰ্ভত কোনো তথ্যই নাই।

ভেনকভাৰ টাইমছ (Vancouver Times) ৰ এটা ৱেবছাইটত ২০২২ৰ ২৪ জুলাইত প্ৰচাৰিত এটা বাতৰিত আছে-  “WHOৰ বৰ্তমানৰ সঞ্চালক টেড্ৰোছ আধানম ঘেব্ৰেয়েছাছক মানবীয়তাৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু জৈৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ অপৰাধত ইণ্টাৰপলে গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ বিশ্বৰে আৰক্ষী সংস্থাবোৰে অতিমাৰি,” ৰ সময়ত গ্ৰহণ কৰা স্থিতি আৰু মাৰাত্মক প্ৰতিষেধক লোৱাৰ বাবে মানুহক অনুপ্ৰেৰণা যোগোৱাৰ বাবে ৰাজনৈতিক ব্যক্তি, ব্যৱসায়ী আৰু কৰ্পোৰেটৰ মুৰব্বীসকলৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত স্পষ্ট হৈছিল।” 

ৱেবছাইটটোৰ পৰিচিতি শিতানত প্ৰকাশ কৰা হৈছে যে এইটো এটা ব্যংগাত্মক ৱেবছাইট। তাত লিখা আছে- পশ্চিম উপকূলত ব্যংগৰ বাবে আটাইতকৈ বিশ্বস্ত ৱেব ছাইট হ ভেনকভাৰ টাইমছ। আমি বিভিন্ন বিতৰ্কিত বিষয় সন্দৰ্ভত ব্যংগাত্মক লেখা প্ৰকাশ কৰোঁ। আমি চিবিচি, চিটিভিৰ দৰে মূলসূতিৰ সংবাদ মাধ্যমৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয়, আমাৰ বিষয়বস্তু, মানুহৰ নামৰো সাদৃস্য নাই, যদি মিলি যায় সেয়া কাকতালীয়।.”

আমি দেখিলো যে  WHO –এ  COVID-19 ৰ প্ৰতিষেধক নিৰাপদ বুলি ঘোষণা কৰিছে। তাত লিখা আছে- বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে  COVID-19 ৰ প্ৰতিষেধক লৈছে, এই সন্দৰ্ভত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে ইয়াৰ গ্ৰহণযোগ্য়তা বা সুৰক্ষা। প্ৰতিষেধকৰ সুৰক্ষা বা গ্ৰহণযোগ্যতা নিশ্চিত কৰাই WHO’ৰ আটাইতকৈ ডাঙৰ কাম। আৰু আমি ৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে ঘণিষ্ঠভাবে লগ লাগি COVID-19 ৰ প্ৰতিষেধকৰ সুৰক্ষা আৰু ইয়াৰ গ্ৰহণযোগ্যতা, অধিক ফলপ্ৰসু, বিশ্বাসযোগ্যতা নিশ্চিত কৰাৰ বাবে কাম কৰি আছো।

এনেদৰেই প্ৰমাণ হয় দাবী কৰা তথ্য অসত্য।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।