সত্যতা নিৰূপণ: গুৱাহাটীৰ বিস্ফোৰণৰ ভাইৰেল ভিডিওকেই আগৰতলাৰ ঘটনা বুলি দাবী কৰা হৈছে

0 490

ধোঁৱাৰ কুণ্ডলী পকোৱা বিস্ফোৰণৰ এটা ২৮ ছেকেণ্ডৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুকেইজন সামাজিক মাদ্যম ব্যৱহাৰকাৰীয়ে এয়া ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত এখন চিএনজি বাছৰ জুই লগাৰ পাছত হোৱা বিস্ফোৰণৰ ঘটনা বুলি দাবী কৰাছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি বঙালীতে কেপচনত লিখিছে- আগৰতলাৰ বটতলাত CNG গাড়ীত জুই।

ভিডিওটো  ইয়াতচাব পাৰিব.

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ত্ৰিপুৰাত চিএনজি বাছতঅগ্নিকাণ্ড-বিস্ফোৰণ বুলি গুগলত অনুসন্ধান কৰাত আমি কোনো তথ্য নাপালো।

অবশ্যে ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ২০ আগষ্ট ২০২২ত আপলোড কৰা ইউটিউবৰ, এটা সৰু ভিডিও পালো, তাত উল্লেখ আছিল যে গুৱাহাটীৰ ভঙাগড়ত ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ডৰ দৃশ্য।

২০ আগষ্ট ২০২২ত আপলোড কৰা গুৱাহাটী ফায়াৰ ইনচিডেণ্ট টুডে নিয়াৰ ভঙাগড় ফ্লাই অভাৰ শীৰ্ষক ভিডিওটোৰ ভাইৰেল ভিডিওটোৰ সৈতে মিল আছে। মূল শব্দ প্ৰয়োগ কৰি গুগলত অনুসন্ধান কৰাতো ঘটনাটো গুৱাহাটীৰ বুলি জানিব পৰা যায়।

টাইম এইট (Time8)ত ২০ আগষ্ট ২০২২ত প্ৰচাৰিত এটা বাতৰি অনুসৰি ঘটনাটো ভঙাগড় উৰণীয়া সেঁতুৰ সমীপৰ এখন মিঠাইৰ দোকানত সংঘটিত হৈছিল। অগ্নিকাণ্ডৰ মূল কাৰণ আছিল দুটা ছিলিণ্ডাৰৰ বিস্ফোৰণ। এই বিস্ফোৰণত ওচৰৰ কেইবাখনো দোকানত ক্ষতি সাধন হয়। Mynewsne (মাই নিউজ এনই) Pratidintime (প্ৰতিদিন টাইম), Newslivetv (নিউজ লাইভ)কে ধৰি কেইবাটাও স্থানীয় সংবাদ মাধ্যমে এই ঘটনাৰ বাতৰি প্ৰচাৰ কৰিছিল।

২০ আগষ্ট ২০২২ত Northeast Live (নৰ্থ ইষ্টলাইভ)ৰ ইউ টিউবত প্ৰচাৰিতগুৱাহাটীৰ মিঠাই দোকানত ভয়াবহ অগ্নিকাণ্ড শীৰ্ষক আন এটা ভিডিওতো একেটা ঘটনাৰ বাতৰি আৰু ভিডিও প্ৰচাৰ হৈছিল।

একে ধৰণৰ বাতৰি OneIndia News (ওৱান ইণ্ডিয়া নিউজ)Sentinel Assam (ছেণ্টিনেল আসাম), and East Mojo (ইষ্ট মোজো)ৰ দৰে আন কেইবাটাও সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিল।

এনেদৰেই স্পষ্ট হয়, ভাইৰেল হোৱা ভিডিওটো ত্ৰিপুৰাৰ চিএনজি বাছৰ অগ্নিকাণ্ডৰ ঘটনা নহয়।সেয়ে, ভাইৰেল পোষ্টটোত কৰা দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।