সত্যতা নিৰূপণ : এই ভাইৰেল ভিডিওটোত ফিনলেণ্ডে ৰাছিয়াৰ সীমান্তলৈ টেংক প্ৰেৰণ কৰাৰ দৃশ্য দেখুওৱা নাই

0 252

ফিনলেণ্ডে নাটোৰ সদস্যপদ লাভৰ বাবে আবেদন কৰাৰ পাছত ৰাছিয়া আৰু ফিনলেণ্ডৰ মাজত বিদ্বেষ ভাব চলি থকাৰ সময়তে সামাজিক মাধ্যমত এটা ভিডিও বহুল ভাবে প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে ভিডিওটোত ফিনলেণ্ডে ৰাছিয়াৰ সীমান্তলৈ যুদ্ধ টেংকাৰ প্ৰেৰণ কৰাৰ দৃশ্য দেখা গৈছে।

 ফেচবুকত প্ৰচাৰ হোৱা ভিডিওথৰোৰ কেপচনত আছে “ফিনলেণ্ডে সামৰিক সা-সৰঞ্জাম ৰাছিয়াৰ সীমান্তলৈ প্ৰেৰণ কৰিছে। ফিনলেণ্ডে ডজনো লীপাৰ্ড টেংকযুদ্ধৰ বাবে আবশ্যকীয় সজুলী, ৰেল ষ্টেচনৰ বাবে প্ৰয়োজনীয় যুদ্ধৰ বাহন প্ৰেৰণ কৰিছে।”

ওপৰৰ  পোষ্ট টোৰ লিংক ইয়াত আছে

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন হৈছে।

আমি আমাৰ অনুসন্ধানৰ আৰম্ভনিতে মূল শব্দ বা কী ৱৰ্ড ব্যৱহাৰ কৰি ইণ্টাৰনেটত বিচাৰ কৰিলো। কিন্তু ভাইৰেল পোষ্টোত দাবী কৰাৰ দৰে কোনো সংবাদ লাভ নকৰিলো। ফিনলেণ্ডে যদি ৰাছিয়াৰ বিৰুদ্ধে সমৰসজ্জা কৰিলে নিশ্চয় সংবাদ মাধ্যমে এই সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰিলে হেঁতেন।   

পাছত আমি ভিডিওটোৰ কী ফ্ৰেম কেইটামানৰ ফটো ৰিভাৰ্চ ইমেজ চাৰ্ছত দিয়াত ফিনলেণ্ড সামৰিক বাহিনীৰ এটা  টুইট লাভ কৰিলো। তাত ভাইৰেল হোৱা  ভিডিওট দেখিলো। ভিডিওটোৰ কেপচনত আছে– ফিনলেণ্ডৰ সীমান্তলৈ সামৰিক টেংক ো্ৰেৰন কৰা বুলি দাবী কৰা এটা ভিডিও বহুল প্ৰচাৰ হৈ আছে। এই দাবী অসত্য। Arrow 22লৈ সেনাৰ টেংক প্ৰেৰণ কৰা হৈছিল। নিনিচালোৰ পৰা ছাকিলা নামে ঠাইৰ মাজত চলাচল হৈছিল।” 

Arrow 22ৰ অনুশীলনী সন্দৰ্ভত অধিক তথ্যৰ বাবে এইখন বিজ্ঞপ্তি  ইয়াত আছে।

ফিনলেণ্ড সামৰিক ব্ৰিগেডৰ কামাণ্ডাৰ কৰ্নেল ৰেইনাৰ কুৱছমেনেও ওপৰত উল্লেখ কৰা ২ মেত হোৱা অনুশিলনীৰ ফটো প্ৰেৰণ কৰি লিখিছে “#ARROW22  আজিৰ পৰা আৰম্ভ হৈছে। পৰম্পৰাগত ভাবে সানৰিক গোট বিলাকে ৰেলেৰে এনেদৰে বস্তু কঢ়িয়ায়।  আবেলিলৈ এই বয়বস্তুসমূহIn  Pohjankangas পাবগৈ।”

এনেদৰেই ওপৰৰ তথ্যৰ পৰা প্ৰমাণ হয়  যে ভাইৰে ভিডিওটো দাবী কৰাৰ দৰে ফিনকেণ্ডৰ টেংক ৰাছিয়া সীমানতলৈ নিয়াৰ সময়ৰ নহয়।

 

 

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তৰ  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।