সত্যতা নিৰূপনঃ সপ্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া ইউৰোপ ভ্ৰমণৰ ভিডিও ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে

0 328

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মানী, ডেৱমাৰ্ক আৰু ফ্ৰান্সলৈ তিনিদিনীয়া ভ্ৰমণলৈ যোৱা ২ মেত যাত্ৰা কৰিছিল।

এই সন্দৰ্ভতেই সামাজিক মাধ্যমত কেইবালানিও পোষ্ট শ্বেয়াৰ কৰা হৈছে। পোষ্টটোৰ ভিডিওটোত প্ৰধানমন্ত্ৰী মোদীয়ে সাংবাদিকৰ সৈতে কথা পতা দেখা গৈছে, কিন্তু ভিডিওটোত প্ৰধানমন্ত্ৰীক নিচাসক্ত অবস্থাত দেখা গৈছে।

 এজন  ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা ভিডিওটোৰ সৈতে দিয়া কেপচনৰ অৰ্থ এনেধৰণৰ- চাওক, প্ৰথমবাৰলৈ ভাল সুৰা লাভ কৰিছে। সুৰাপান কৰি তেওঁ নিচাসক্ত হৈ পৰিছে।

একেটা ভিডিও একেই দাবীৰে কেইবাবাৰো  টুইটাৰ তো প্ৰচাৰ কৰি হৈছে

সত্যতা নিৰূপন

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই ভিডিওটো সম্পাদিত বুলি প্ৰতিপন্ন কৰে।

এই সন্দৰ্ভত মূল শব্দ বা কী ৱৰ্ড প্ৰয়োগ কৰি অনুসন্ধান কৰাত আমি লালণ্টপ ভিডিওটো (বহুত বেছিকৈ ভাইৰেল হোৱা) এটা বাতৰিত দেখা পালো। কেইবাজনো সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মূল ভিডিওটোও প্ৰচাৰ কৰিছে। ভাইৰেল ভিডিওটো মূল ভিডিওৰ ৭মিনিট ৫২ ছেকেণ্ডত আছে।     ,  

সেয়ে ওপৰৰ তথ্যৰ পৰা কব পাৰি যে ভাইৰেল হোৱা ভিডিওটো সম্পাদিত।  

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক