সত্যতা নিৰূপণ: ৱদোদৰাৰ ৰাজপথত ওলোৱা ঘৰিয়ালৰ ভিডিও মিছাকৈ অসমৰ বানপানীত ওলোৱা ঘৰিয়াৰ দৃশ্য বুলি প্ৰচাৰ কৰিছে

0 700

অসমত শেহতীয়াকৈ ধাৰাবাহিকভাবে হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান আৰু বানৰ ফলত ৪.৫ মিলিয়ন লোক ক্ষতিগ্ৰস্ত হৈছে। এনে সময়তে এটা জনবসতিপূৰ্ণ অঞ্চলত এটা ঘৰিয়ালৰ ভিডিও সামাজিক মাধ্যমত বহুলভাবে প্ৰচাৰ হৈছে, দাবী কৰা হৈছে যে এয়া অসমৰ বান বিধ্বস্ত অঞ্চলৰ দৃশ্য।

পোষ্টটোৰ কেপচনত লিখা আছে- অসমৰ বানপানীত এইবাৰ ঘৰিয়ালো (কুম্ভীৰ) ওলাইছে… Assam Floods#Copy” 

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।.

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

ইনভিড টুলৰ সহায়ত ভিডিওটোৰ কী ফ্ৰেমৰ ফটো সংগ্ৰহ কৰি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়া হল। অনুসন্ধানৰ দ্বাৰা আমি ভাইৰেল হোৱা একেটা ভিডিও দেশগুজৰাট এইচডি (DeshGujaratHD)য়ে ২০১৯ৰ ৩ আগষ্টত ইউটিউবত আপলোড কৰা দেখিলো। ভিডিওটো ৱদোদৰাৰ বানৰ সময়ৰ বুলি উল্লেখ কৰা আছিল।

পাছত আমি  ‘crocodile found Vadodara’ এই মূল শব্দ প্ৰয়োগেৰে ইউটিউবত অনুসন্ধান কৰাত এনডি টিভিত ২০১৯ৰ ৩ আগষ্টত প্ৰচাৰিত আন এটা ভিডিও দেখিলো। তাত কোৱা হৈছিল যে বান বিধ্বস্ত গুজৰাটৰ ৰাজপথৰ পৰা এটা ঘৰিয়াল উদ্ধাৰ কৰা হৈছে।

টাইমচ অৱ ইণ্ডিয়াত ২০১৯ৰ ৪ আগষ্টত প্ৰকাশিত আন এটা বাতৰিত উল্লেখ কৰা হৈছে যে ৱদোদৰাৰ বানত আবদ্ধ হৈ থকা ঘৰিয়াৰ সন্ত্ৰাস অব্যাহত আছিল।

আৰু অধিক অনুসন্ধান কৰাত আমি ডেক্কান ক্ৰণিকেলত ২০১৯ৰ ২আগষ্টত প্ৰচাৰিত এটা বাতৰি দেখিলো। বাতৰিটোত ৱদোদৰতাৰ বানৰ মাজতে ঘৰিয়ালে কুকুৰ চিকাৰ কৰি থকা বুলি প্ৰকাশ কৰিছে।

, we also found a news article in Deccan Chronicle, dated August 2, 2019, claiming that crocodiles were found hunting dogs in flooded Vadodara.

ইয়াৰ পূৰ্বেও একেই ভিডিওকেই সামাজিক মাধ্যমত প্ৰচাৰ কৰি ভিডিওটো বিহাৰ, হায়দৰাবাদ আৰু পাকিস্তানৰ বুলি দাবী কৰাৰ পাছত নিউজ মোবাইলে সত্যতা নিৰূপণ কৰি সেই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছিল।

এই তথ্যই প্ৰমাণ কৰে যে বানপানীৰ মাজত দেখা ঘৰিয়ালটো গুজৰাটৰ ৱদোদৰাৰহে, অসমৰ নহয়

আপোনাৰো যদি কোনো বাতৰি বা বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 979l9– এই নম্বৰত হোৱাটচআপ কৰক