সত্যতা নিৰূপণ: প্ৰধানমন্ত্ৰী মোদীৰ পুৰণি ভিডিওকেই ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে

0 801

প্ৰধানমন্ত্ৰী নৰেন্দদ্ৰ মোদীৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত কোৱা হৈছে- লাল বাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰ আছিল জয় জোৱান-জয় কিষাণ আৰু এই চৰকাৰৰ মন্ত্ৰ হল মৰ জোৱান-মৰ কিষাণ। কেপচনৰ দ্বাৰা বুজোৱা হৈছে যে বিজেপি চৰকাৰখনে সেনা আৰু কৃষকৰ বিৰুদ্ধে কাম কৰিছে।

ভিডিওটোৰ সৈতে কেপচনত আছে-মোদীজীৰ মন্ত্ৰ মৰ জোৱান-মৰ কিষাণ!” 

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।.

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

আমি মূল শব্দ প্ৰয়োগেৰে ইণ্টাৰনেটত অনুসন্ধান আৰম্ভ কৰিলো আৰু আমি নৱভাৰত টাইমচত ২০১৪ চনৰ ২৯ মাৰ্চত প্ৰকাশিত এটা বাতৰি পালো। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে সেই সময়ৰ ইউপিএ চৰকাৰক সমালোচনা কৰি কটাক্ষ কৰি কৈছিল-মৰ জোৱান-মৰ কিষাণ।     

আমি একেটা ভিডিও ২০১৪ চনৰ ২৯ মাৰ্চত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজস্ব ইউটিউব চেনেল তো দেখিলো। ভিডিওটোৰ সৈতে কেপচনত আছিল-শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাঘপটত এখন বিশাল জনসভাত ভাষণ দিয়ে।

এই তথ্যই স্পষ্ট কৰে যে ভাইৰেল হোৱা ভিডিওটো পুৰণি আৰু ইয়াক ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বাতৰি বা বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 979l9– এই নম্বৰত হোৱাটচআপ কৰক