সত্যতা নিৰূপণ : ভিডিও গে’ম বা খেলৰ ভিডিওকেই

0 1,378

ইউক্ৰেইন-ৰাছিয়া যুদ্ধ চলি থকাৰ সময়তে ৰাছিয়াই প্ৰতিপক্ষৰ অস্ত্ৰ ভাণ্ডাৰ ধ্বংস কৰিবলৈ ৰাছিয়াই  ড্ৰোণ ব্যৱহাৰ কৰিছিল। ইয়াৰ বিপৰীতে এটা ভিডিও বহুল প্ৰচাৰ হৈছে, যিটোত দাবী কৰা হৈছে যে এয়া ৰাছিয়াৰ বিমান কোঠত ড্ৰোণ আক্ৰমণৰ ভিডিও।

ভিডিওটোৰ সৈতে কেপচনত আছে-দেওবাৰে ৰাছিয়াৰ জেট আৰু হেলিকপ্তাৰ থকা সামৰিক বিমান কোঠত TB2 Drone আক্ৰমণে কৰে।

ওপৰৰ পোষ্ট.টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এয়া ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

ইনভিড টুলৰ সহায়ত ভিডিওটোৰ মূল ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত বিচৰা হল। এই অনুসন্ধানত আমি ২০২২ৰ ৯ মেত এটা ইউটিউব চেনেলত একেটা ভিডিওকেই প্ৰচাৰিত হোৱা দেখিলো। ভিডিওটোৰ বিৱৰণিত আছে- এয়া কেৱল কল্পনাহে, সত্য নহয়।” 

আমি ইউ টিউব  চেনেলটোৰ অনুসন্ধান কৰিলো আৰু তাত একে ধৰণৰ কাল্পনিক ভিডিও আপলোড হোৱা দেখিলো।

চেনেলটোৰ সবিশেষ শিতানত আছিল-মই আৰ্মা থ্ৰী ব্যৱহাৰ কৰিসৈন্য বাহিনীৰ কাল্পনিক ভিডিও নিৰ্মান কৰো।বোহেমিয়ায়ো তেওঁলোকৰ কৌশল ব্যৱহাৰ কৰি টকা ঘটিবলৈ অনুমতি দিছে।

এই তথ্যই প্ৰমাণ কৰে, কাল্পনিক ভিডিও এটাকেই ৰাছিয়াৰ বিমান কোঠত ড্ৰোণ আক্ৰমণৰ ভিডিও বুলি ভুৱাকৈ প্ৰচাৰ কৰিছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তৰ  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।