সত্যতা নিৰূপণ: কেনিয়াৰ ভিডিও এটা ফ্ৰাঞ্চৰ টিকাকৰণ বিৰোধী ভিডিও বুলি প্ৰচাৰ কৰা হৈছে।

0 347

সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা ভিডিও, ভিডিওটোত ফ্ৰাঞ্চৰ একাংশ টিকাকৰণ বিৰোধী, প্ৰতিবাদী জনতাৰ ওপৰত আৰক্ষীয়ে পানী হিলৈ আৰু কন্দুৱা গেছ নিক্ষেপ কৰা বুলি দাবী কৰা হৈছে। ফ্ৰাঞ্চত স্বাস্থ্য কৰ্মী সকলৰ বাবে টিকাকৰণ বাধ্যতামূলক বুলি চৰকাৰে নিৰ্দেশনাৰ জাৰি কৰিছে যদিও এয়া সাধাৰণ জনতাৰ বাবে বাধ্যতামূলক নহয়।
ফেচবুকত প্ৰচাৰ কৰা ভিডিওটোৰ কেপচনত লিখা আছে- চৰকাৰে টিকাকৰণ বাধ্যতামূলক বুলি নিৰ্দেশনা জাৰি কৰাৰ পাছত ফ্ৰাঞ্চৰ জনসাধাৰণৰ মাজত অসন্তুষ্টি আৰু প্ৰতিবাদ। # ফ্ৰাঞ্চ


ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব। একেধৰণৰ আন এটা পোষ্ট ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত অনু,সন্ধান চলায় আৰু পোষ্টটো ভিত্তিহীন, ভুৱা বুলি নিশ্চিত কৰে।
আমি ভিডিওটোৰ মূল দৃশ্য বা ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি এটা ইউটিউবৰ ভিডিও পালো, ভিডিওটো ২০২১ চনৰ ১৪ জুলাইৰ। ইয়াৰ কেপচনত লিখা আছে- নাইৰোবি বিশ্ববিদ্যালয় (UoN) ৰ শিক্ষাৰ্থীসকলে মাচুল বৃদ্ধিৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে তেঁওলোকক ছত্ৰভংগ দিছে।

আমি আন এক ভিডিও পালো। ভিডিওটোৰ শিৰোনামত লিখা আছে- UoN ৰ শিক্ষাৰ্থীয়ে কৰ্তৃপক্ষই মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এনে ভিডিও ইয়াত আৰু ইয়াত পাব। এই ভিডিও ২০২১ চনৰ ১৪ আৰু ১৫ জুলাইত প্ৰচাৰ কৰা হৈছিল।

আমি নাইৰোবি বিশ্ব বিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ ১৪ জুলাইত প্ৰচাৰ কৰা কেইবাটাও বাতৰি লাভ কৰিলো। এই বাতৰিসমূহতো উল্লেখ আছে- যোৱা ১৪ জুলাই বুধবাৰে নাইৰোবি বিশ্ব বিদ্যালয়ৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে কেইবাজনো ছাত্ৰ নেতাক আটক কৰিছে। ইয়াত তেনে আন এটা বাতৰি আছে।

এনেকৈ স্পষ্ট হল যে ভিডিওটোত নাইৰোবি বিস্ববিদ্যালয়ত শেহতীয়াকৈ হোৱা প্ৰতিবাদৰ দৃশ্যহে প্ৰচাৰ কৰা হৈছে, এই প্ৰতিবাদ ফ্ৰাঞ্চৰ টিকাকৰণ বিৰোধী প্ৰতিবাদ নহয়। সেয়ে পোষ্টটোৰ সৈতে কৰা দাবী ভিত্তিহীন।


আপোনাৰো যদি কোনো বাতৰি বা তথ্যৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 9799 নম্বৰত হোৱাটচ আপ কৰক।