সত্যতা নিৰূপণ: ভাইৰেল হোৱা এই পোৰ্ট্ৰেইটখন ৰাজা ৰবি বাৰ্মাই অঁকা নহয়; সত্য জানিবলৈ পঢ়ক

0 248

দুখন পোৰ্ট্ৰেইড সংলগ্ন কৰি এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। এখন ইউৰোপৰ মহান শিল্পী লিওনাৰ্ডো ডা ভিন্সিৰ মনালিছাৰ পোৰ্ট্ৰেইট আৰু আনখন ভাৰতীয় শিল্পী ৰাজা ৰবি ভাৰ্মাই অঁকা এখন পোৰ্ট্ৰেইট বুলি দাবী কৰা হৈছে।

ফটোৰ সৈতে লিখা আছে, “#চিন্তাৰবাবেখাদ্য দুয়োখন পোৰ্ট্ৰেইটত সন্ধা কৰক। এখন আপুনি হয়তো আগতে নেদেখা ৰাজা ৰবি বাৰ্মাৰ। আনখন কেইবা কোটি মানুহে আজিলৈ দেখি অহা লিওনাৰ্ডো ডা ভিন্সিৰ মনালিছাৰ পোৰ্ট্ৰেইট। এতিয়া চাওক কিদৰে প্ৰচাৰ আৰু বিজ্ঞাপনে আমাৰ মন প্ৰলোভিত কৰে। প্ৰচাৰ আৰু বিজ্ঞাপনে আপোনাৰ বিচাৰ নিয়ন্ত্ৰণ কৰে।”

পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভুৱা বুলি নিশ্চিত কৰে

ৰাজা ৰবি বাৰ্মাৰ ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ফটোখন পিণ্টাৰেষ্ট ত আপলোড কৰা দেখিলো। ফটোখনৰ কেপচনত আছে, “ইনষ্ট্ৰাগ্ৰামত হায়দৰাবাদৰ কইনাৰ বিশেষ বেষ-ভূষা, ৰাজা ৰবি বাৰ্মাৰ কলাৰ পুনৰ অংকণ @swati194 (@স্বাতী১৯৪)ৰ।@sruvamstudios #bridesofhyderabad #bridৰ দ্বাৰা সুন্দৰ ফটোগ্ৰাফী”।

পোষ্টটোত উল্লেখ কৰা ইনষ্টেগ্ৰাম লিংকতো আমি অনুসন্ধান কৰিলো। এই লিংকটোতেই আমি “ব্ৰাইডছঅৱহায়দৰাবাদ“ নামৰ ইনষ্টাগ্ৰাম প্ৰফাইল লাভ কৰিলো। তাতেই ২০১৯ চনত এই ফটোখন প্ৰচাৰ কৰা হৈছে, ফটোখনৰ কেপচনত লিখা আছে, “ৰাজা ৰবি বাৰ্মাৰ কলাৰ পুনৰ অংকণ @swati194 (@স্বাতী১৯৪)ৰ।@sruvamstudios, #bridesofhyderabad #bridৰ দ্বাৰা সুন্দৰ ফটোগ্ৰাফী”।

পৰবৰ্তী সময়ত আমি “স্বাতী, ৰাজা ৰবি বাৰ্মা”- এই মূল শব্দকেইটা লৈ ইণ্টাৰনেটত বিচাৰ কৰিলো আৰু একেখন ফটো দক্ষিণ ভাৰতৰ অভিনেত্ৰী স্বাতী ৰেড্ডিয়ে তেওঁৰ ফেচবুক পেজত ২০১৯ চনত আপলোড কৰা পালো।। ফটোখনৰ সৈতে কেপচনত লিখা আছিল,স্ৰুভম ফটোগ্ৰাফীৰ দ্বাৰা “চন্দ্ৰাৱলীত ৰাধা | ৰাজা ৰবি বাৰ্মাৰ কলাৰ পুনৰ অংকণ।”

আমি স্ৰুভম ষ্টুডিওৰ শ্ৰুতিৰ সৈতেও যোগাযোগ কৰিছিলো, তেঁও ফটোখন তেঁওলোকেই তোলা বুলি নিশ্চিত কৰে। তেঁও আমাক ক’লে, “এই ফটোখন ২০১৯ চনৰ জুনত হায়দৰাবাদৰ স্ৰুভম ষ্টুডিওৰ ৱামছি কৃষ্ণই তুলিছিল। আৰু সেই ফটোখন আছিল স্বাতী ৰেড্ডিৰ।”

দেখা গ’ল, যদিও ফটোখন মূলতঃ ৰাজা ৰবি বাৰ্মাৰ, কিন্তু ভাইৰেল হোৱা এই ফটোখন প্ৰকৃততে মূল পোৰ্ট্ৰেইটৰ পুনৰ অংকণহে। সেয়ে পোষ্টত দাবী কৰা কথাখিন সত্য নহয়।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক