সত্যতা নিৰূপণ : কিংবদন্তি দিলীপ কুমাৰৰ এই ভিডিওটো তেঁওৰ জীৱনৰ শেষ সময়ৰ ভিডিও নহয়। সত্য জানিবলৈ পঢ়ক।

0 207

যোৱা ৭ জুলাইত আমাৰ মাজক পৰা হেৰাই যোৱা কিংবদন্তি অভিনেতা দিলীপ কুমাৰৰ এটা ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে।  ভিডিওটোত তেঁওৰ পত্নী ছাইৰা বানুৱে হাস্পতালত খুৱাই থকা দেখা গৈছে। ভিডিওটোৰ সৈতে এয়া দাবী কৰা হৈছে যে এই ভিডিওটোৱেই তেঁওৰ জীৱনৰ শেষ মুহূৰ্তৰ অন্তিমটো ভিডিও।  ভিডিওটোৰ সৈতে থকা দাবী এনে ধৰণৰ- “ দিলীপ কুমাৰে আমাক এৰি থৈ যোৱাৰ আগমুহূৰ্তত হাস্পাতালত লোৱা অন্তিমটো ভিডিও।  ছাইৰাবানুৱে তেঁওক খাদ্য খুৱাই আছে।”

পোষ্টটোৰ লিংক ইয়াত পাব। একে ধৰণৰ পোষ্টৰ লিংক ইয়াতইয়াতইয়াত আৰু ইয়াত পাব।
সত্যতা নিৰূপণ:

নিউ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান চলায় আৰু পোষ্টটোত দাবী কৰা কথা অসত্য বুলি নিশ্চিত কৰে।

ভিডিওটোৰ মূল ফ্ৰেম কেইটামান কাটি ফটো উলিয়াই আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেটা স্ক্ৰীণশ্বটসহ নিউজড১৮ত ২০১৩ চনৰ ২৫ ছেপ্টেম্বৰত প্ৰকাশ পোৱা এটা বাতৰি লাভ কৰিলোঁ। ফটোখনৰ সৈতে প্ৰকাসিত বাতৰিটেত কোৱা হৈছে, অভিনেতা দিলীপ কুমাৰৰ হাৰ্ট এটেক হোৱাৰ পাছত লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তেঁওক ২০১৩ চনৰ ২৬ ছেপ্টেম্বৰত হাস্পাতালৰ পৰা ৰিলিজ দিব বুলিও বাতৰিটোত কোৱা হৈছে।
দুয়োটা ভিডিওৰ ফটো ৰিজাই চোৱাত দেখিলো নিউজ১৮ত ছাইৰা বানুৱে যি কাপোৰ পিন্ধি আছিল সেই একেই কাপোৰেই ভাইৰেল হোৱা ভিডিওটোতো পিন্ধি আছে।

দিলীপ কুমাৰৰ  নিজা টুইটাৰ হেণ্ডেলতো ২০১৩ চনৰ ২২ ছেপ্চটোম্বৰত একেটা ভিডিও প্ৰচাৰ কৰা হৈছিল। ভিডিওটোৰ সৈতে কেপচনত লিখা আছিল, “আপোনালোকৰ প্ৰাৰ্থনা আৰু মৰমৰ বাবে ধন্যবাদ। চিকিত্সালয়ত আৰাম  কৰিছো। কালিৰ ভিডিও। ”

Thank you for your prayers and love. Resting in the hospital. Video from yesterday. http://t.co/YoofBJgObz

— দিলীপ কুমাৰ (@TheDilipKumar) ছেপ্টেম্বৰ ২২, ২০১৩

https://twitter.com/TheDilipKumar/status/381625343318048768?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E381625343318048768%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fnewsmobile.in%2Farticles%2F2021%2F07%2F07%2Ffact-check-viral-video-of-bollywood-actor-dilip-kumar-is-not-the-last-video-before-his-death-heres-the-truth%2F

দেখা গ’ল ভাইৰেল হোৱা ভিডিওটো দাবী কৰাৰ দৰে দিলীপ কুমাৰৰ জীৱনৰ অন্তিম সময়ৰ অন্তিম ভিডিও নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব লগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক