সত্যতা নিৰূপণ: ডিজিটেল মাধ্যমেৰে মৰ্ফ কৰা ফটো এখনত মাইক টাইচনক টিকাকৰণ বিৰোধী কথা লিখা থকা টী-ছাৰ্ট পৰিধান কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে

0 210

প্ৰাক্তন পেছাদাৰী বিশ্ববিখ্যাত বক্সাৰ মাইক টাইছনৰ এখন ফটো সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে, ফটোখনত মাইক টাইচনে এটা টী-ছাৰ্ত পৰিধান কৰিছে, য’ত লিখা আছে, “ভগৱানক বিশ্বাস কৰক, টিকাক নহয়।” ফটোখন সামাজিক মাধ্যমত প্ৰচাৰ কৰি দাবী কৰা হৈছে যে মাইক টাইছনে ৰাইজক টিকা নল’বলৈ ইংগিত দিছে।

প্ৰটাৰ কৰা পোষ্টটোৰ কেপচনত আছে আমি ভগৱানত বিশ্বাস কৰোঁ।”

ওপৰৰ পোষ্টটো ইয়াত আছে। একে ধৰণৰ পোষ্ট ইয়াতইয়াত আৰু ইয়াত পাব।

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভুৱা বুলি নিশ্চিত কৰে

ফটোখন আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ২০২০ চনৰ ২৫ নবেম্বৰত স্পৰ্টছবাইবেল নামৰ ৱেব ছাইটটোত প্ৰকাশ পোৱা একে ধৰণৰ ফটো এখন লাভ কৰিলোঁ।

এই ফটোখনতো ভাইৰেল হোৱা ফটোখনৰ দৰেই টী-ছাৰ্ট পৰিধান কৰিছিল মাইক টাইছনে। মূল ফটোখনৰ সৈতে একমাত্ৰ প্ৰাৰ্থক্যটো আছিল মূল ফটোখনৰ সন্মুখৰ ফালে তেংওৰ এখন ফটো আছিল।

মাইক টাইছনৰ নিজৰ ফটো সংলগ্ন টী-ছাৰ্ট পৰিধান কৰা টাইছনৰ এই ফটোখন স্পৰ্টচকীডা.ত ২০২০ চনৰ নবেম্বৰ মাহত প্ৰচাৰ হৈছিল। টাইছনে ফটোখন প্ৰচাৰ কৰি লিখিছিল- “ আমি নতুন ডিজাইনৰ হুড (কলাৰ) নথকা, টুপীসহ আৰু মুখ থকা এটা টী-ছাৰ্ট উলিয়াইছো। বিশেষ জানিবলৈ, কিনিবলৈ MTC gear.ৰ লিংকটোত ক্লিক কৰক।”

টাইছনে কৰোনা ভাইৰাছৰ টিকাকৰণ সন্দৰ্ভত কোনো মন্তব্য দিয়া সন্দৰ্ভত বাতৰি বিচাৰিলো যদিও তেনে কোনো বাতৰি নাপালো।তেঁওৰ ইনষ্টাগ্ৰাম বা টুইটাৰ হেণ্ডেলতো কৰোনা ভাইৰাছৰ টিকাকৰণ সন্দৰ্ভত কোনো তথ্য লিখা নাপালো।

এটা সত্যত্যা নিৰূপক সংস্থা Check Your Fact ৰ তৰফৰ পৰা মাইক টাইছনৰ প্ৰকাশক জন মিগনানোৰ সৈতে যোগাযোগ কৰা হৈছিল, তেঁও এই ভাইৰেল হোৱা ফটোখন মৰ্ফ কৰা বুলি নিশ্চিত কৰে।

ওপৰৰ তথ্যৰ পৰা আমি ক’ব পাৰো যে ভাইৰেল হোৱা ফটোখন মৰ্ফ কৰা আৰু তেঁও কেতিয়াও টিকাকৰণ বিৰোধী কথা লিখা থকা টী-ছাৰ্ট পিন্ধা নাছিল।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক