সত্যতা নিৰূপণ: প্ৰধানমন্ত্ৰী মোদীৰ মুখৰ সৈতে হিটলাৰৰ মুখ ৰিজোৱা টাইম মেগাজিনৰ বেটুপাতত প্ৰকাশিত ফটোখন সত্য নহয়

0 542

প্ৰধানমন্ত্ৰী মোদীৰ মুখৰ সৈতে হিটলাৰৰ মুখৰ ৰিজনি থকা টাইম মেগাজিনৰ বেটুপাতৰ ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ভাৰ পৃষ্ঠাৰ ফটোখনৰ সৈতে লিখা আছেইতিহাসৰ পুনৰাবৃত্তি… কিদৰে মোদীয়ে ভাৰতৰ সপোন চূৰমাৰ কৰিলে।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।.

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

আমি ভাইৰেল পোষ্টটোৰ বেটুপাটটো বিচাৰি অনুসন্ধান আৰম্ভ কৰিলো। আমি ভাইৰেল ফটোখন ভালদৰে পৰীক্ষা কৰাত দেখিলো অইন বেটুপাতৰ একেবাৰে ওপৰৰ সোফালে থকাৰ দৰে এইখন বেটুপাতত তাৰিখ, মাহ আদি লিখা নাছিল।   

পৰৱৰ্তী সময়ত আমি টাইম মেগাজিনৰ সংখ্যা সমূহ সংৰক্ষণ কৰা টাইম ভল্ট ( TIME vault)তো অনুসন্ধান কৰিলো, কিন্তু তেনে বেটুপাত থকা আলোচনী দেখা নাপালো।

Mইয়াৰোপৰি মাৰ্চ ২০২২ত নিউজ মোবাইলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মুখৰ সৈতে এডল্ফ হিটলাৰক ৰিজোৱা একে ধৰণৰ বেটুপাটৰ ভুৱা পোষ্ট সম্পৰ্কে সত্যতা নিৰূপণ কৰি সেয়া ভুৱা বুলি প্ৰমাণ কৰিছিল।

https://newsmobile.in/articles/2022/03/07/fact-check-no-time-magazines-new-cover-has-not-depicted-vladimir-putin-as-hitler/

ওপৰৰ তথ্যই প্ৰমাণ কৰে, টাইম মেগাজিনৰ কভাৰ পৃষ্ঠাৰ ফটোখন ভুৱা, সেইখন টাইম মেগাজিনৰ কোনো সংখ্যাত প্ৰকাশ হোৱা নাই।

আপোনাৰো যদি কোনো বাতৰি বা বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে

+91 11 712797919 — এই নম্বৰত হোৱাটচআপ কৰক