সত্যতা নিৰূপণ: ঘৰচীয়া জন্তু উটুৱাই নিয়া মেক্সিকোৰ ভিডিও এটা ভুৱা দাবীৰে বাংলাদেশৰ বানপানীৰ দৃশ্য বুলি প্ৰচাৰ কৰিছে

0 472

As প্ৰতি বছৰে বাংলাদেশত বানপানীৰ বাবে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় বানে দেশখনৰ বহু লোকৰ ঘৰ-দুৱাৰ, সম্পত্তিৰ লগতে পশুধনো উটুৱাই নিয়ে, বিঘাই বিঘাই খেতি পথাৰ পানীত বুৰ যায়। শেহতীয়াকৈ চীলেটৰ পানীত পশুধন উটি যোৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ফেচবুকত প্ৰচাৰ কৰা ভিডিওটোৰ কেপচনত আছে- চীলেটৰ বানত কিদৰে গৰু-ছাগলীবোৰ উটি গৈছে।” 

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

ইনভিড টুল ব্যৱহাৰ কৰি আমি ভিডিওটোৰ মূল ফ্ৰেমৰ ফটো উলিয়াই গুগল ৰিভাৰ্ছ চাৰ্ছত দিলো। আমাৰ অনুসন্ধানত আমি ইমাজেন ন;টিচিয়াছইউটিউব চেনেলত  ২০২০ৰ ২৮ জুলাইত প্ৰচাৰিত বাতৰি এটাত একেটা ভিডিও দেখা পালো। তাত উল্লেখ কৰা অনুসৰি এই দৃশ্য নায়াৰিট (মেক্সিকো)ৰ জাকুল্পান নৈৰ বানৰ। বানৰ কোবত উটি গৈছে ঘৰছীয়া জীৱ-জন্তু।   

ইয়াৰ পৰাই উত্স লৈ অনুসন্ধান কৰাত আমি ২৮ জুলাই ২০২০ত একেটা ঘটনাৰ বৰ্ণনা থকা কেইবাটাও বাতৰি লাভ কৰিলো।  

আমি এটা টুইটাৰ পোষ্টত ২০২০ৰ ২৮ জুলাইত প্ৰচাৰ কৰা বাতৰি এটাত একেটা ভিডিও দেখা পালো, তাৰ কেপচনত আছিল- বিশ্বপ্ৰচণ্ড বৃষ্টিপাত আৰু ধুমুহাৰ বাবে সৃষ্টি হোৱা বান পৰিস্থিতিৰ বাবে গুৰুবোৰ উটি গৈছে। #মেক্সিকোৰ নয়াৰিটৰ কম্পোষ্টেলাৰ হান্না।” 

আৰু অধিক অনুসন্ধানত আমি জৰাণ্ডা ডট কম ডট মেক্স (Joranda.com.mx)ত ২০২০ৰ ২৮ জুলাইত প্ৰচাৰিত এটা ভিডিও পালো। এই ভিডিওটো হান্নাৰ বুলি দাবী কৰা হৈছিল। অঞ্চলটোত প্ৰচণ্ড ধুমুহা-বৰষুণৰ বাবে সহস্ৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছিল।

ইয়াৰ পূৰ্বেও কেৰালাৰ বানৰ দৃশ্য বুলি দাবী কৰা একে ধৰণৰ ভিডিও সত্যতা নিৰূপণ কৰি ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

ইয়েই প্ৰমাণ কৰে যে ভাইৰেল ভিডিওটো মেক্সিকোৰ হান্নাৰ, ইয়াৰ সৈতে বাংলাদেশৰ বানৰ কোনো সম্পৰ্ক নাই।

আপোনাৰো যদি কোনো বাতৰি বা বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 979l9– এই নম্বৰত হোৱাটচআপ কৰক