সত্যতা নিৰূপনঃ ‘ দ্য ছিম্পচন’ এ ৰাণী ২য় এলিজাবেথি মৃত্যুৰ ভবিষ্যত্ বাণী কৰা নাছিল;ভাইৰেল ফটোখন ভুৱা

0 373

যোৱা ৮ ছেপ্তেম্বৰ ২০২২ত ৰাণী ২য় এলিজাবেথৰ মৃত্যুৰ পাছত এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনত দ্য ছিম্পচনে ৰাণীৰ মৃত্যুৰ ভৱিষ্যত্ বাণী কৰিছিল বুলি দাবী কৰা হৈছে। ফটোখনত এলিজাবেথৰ কাৰ্টুন এটা দেখা গৈছে, তাত লিখা আছে- ২য় এলিজাবেথ ১৯২৬-২০২২

পোষ্টটোত লিখা আছে-কি আশ্চৰ্যকৰ, দ্য ছিম্পচনে ৰাণীৰ মৃত্যুৰ ভৱিষ্যত্ বাণীও কৰিছিল।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত আমি দ্য ছ্ম্পচনৰ ৱিকি পে পালো। ৱেবছাইটটোৰ মতে তেওঁলোকৰ শ্বৰ কেইবাটাও খণ্ডত ৰাণীৰ প্ৰসংগ আহিছিল। কিন্তু কোনো এটা খণ্ডতেই ৰাণীৰ মৃত্যু সন্দৰ্ভত কোনো কথাই উল্লেখ নাছিল।

খণ্দবোৰৰ মাজৰ এটাত উল্লেখ আছে যে, দ্য ছিম্পচন পৰিয়াল এবাৰ লণ্ডনলৈ যোৱাৰ সময়ত হোমাৰে (দৃশ্যটোৰ এটা চৰিত্ৰ) তেওঁৰ ভাৰাতীয়া গাড়ীখনেৰে তেওঁলোকৰ বাগীখনত খুন্দা মাৰে। অবশ্যে খণ্ডটোৰ মূভাবৰ কতো তেওঁৰ মৃত্যু সন্দৰ্ভত একো লিখা নাছিল। আমি দ্য ছিম্পচনচ হোমাৰ নিয়াৰলী কিল্ড দ্য কুইন অৱ ইংলেণ্ড নামৰ খণ্ডটোৰ ভিডিও এটাও পালো।

ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২০ৰ এটা টুইট লাভ কৰিলো। তাত একে ধৰণৰ আন এখন ফটো পালো। ফটোখন মাৰ্কিন ৰাষ্ট্ৰপতিৰ, তাত দাবী কৰা হৈছে যে দ্য ছিম্পচনে তেওঁৰ মৃত্যুৰ ভৱিষ্যত্ বাণী কৰিছে।

ডোনাল্ড ট্ৰাম্পৰ এই ফটোখন ২০১৭ত স্নোপছ এ ভুৱা বুলি প্ৰতিপন্ন কৰিছে। আমি অনুমান কৰিব পাৰিলো যে এই ফটোখনকেই সম্পাদনা কৰি ৰাণীৰ কাৰ্টুনখন সংলগ্ন কৰি তাত ডিজিটেল মাধ্যমেৰে জন্ম-মৃত্যুৰ তাৰিখ লিখি দিয়া হৈছিল।

এনেদৰেই প্ৰমাণ হয়, ভাইৰেল পোষ্টটোৰ দাবী ভুৱা আৰু দ্য ছিম্পচনৰ কোনো এটা খণ্ডত ৰাণীৰ মৃত্যুৰ তাৰিখ সন্দৰ্ভত কোনো কথাই উল্লেখ নাই।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।