সত্যতা নিৰূপনঃ পানীৰ ডোঙৰ মাজত ৰেল ট্ৰেকৰ এটা সম্পাদিত ভিডিও ইজৰাইলৰ বুলি শ্বেয়াৰ কৰিছে

0 359

পানীৰ মাজত ঘুৰণীয়া ৰেল ট্ৰেকত এখন ৰেল চলাৰ এটা আমোদজনক ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে।দাবী কৰা হৈছে যে এই ভিডিও ইজৰাইলৰ।

ভিডিওটোৰ সৈতে কেপচনত লিখিছে-অভিযান্ত্ৰিক কৌশলৰ অপূৰ্ব নিদৰ্শন। ইজৰাইলৰ উৰ্পৰাৰ পৰা বেগুনজাৰালৈ ১,২৮০ কিঃমিঃ জোৰা দৈৰ্ঘৰ এটা ৰেলপথ। এই পথটোত এনেধৰণৰ ১৩টা পিৰামিড পোৱা যায়। ইয়াত ৬২টা ডবা আৰু ৪টা ইঞ্জিন আছে।

ওপৰৰ পোষ্টটো ইয়াতচাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

 ভিডিওটো পৰীক্ষা কৰিৰ সময়ত  ইউটিউব চনেলটোৰ তলফালে আমি ডাফা ৰেইলফেনছ আই ডি (Daffa Railfans ID) বুলি লিখাৱাটাৰ মাৰ্ক দেখিলো। তেনে ধৰণৰ বহু আশ্চৰ্যকৰ ভিডিও এই চেনেলটোৱে আপলোড কৰা দৈখিলো।   

সামাজিক মাধ্যমত ভাইৰেল হোৱা এই বিশেষ ভিডিওটো এটা ইউটিউব চেনেলে ২০২১ৰ ২৯ নৱেম্বৰত আপলোড কৰা বুলি জানিব পাৰিলো।

আমাৰ বিষয়ে শিতানত  এই সকলোবোৰ ভিডিও সম্পাদিত আৰু ২০১৯ চনত প্ৰচলিত ভিডিও গেম বুলি উল্লেখ আছে।

ট্ৰেইনজ ৰেইল ৰোড ছিমুলেটৰ (Trainz Railroad Simulator 2019)ৰ লিংক খুলি চোৱাত আমি এটা ইউটিউব চেনেলে একে ধৰণৰ ভিডিও আপলোড কৰা দেখিলো।

২০২১ৰ ফেব্ৰুৱাৰীত নিউজ মোবাইলে চীনৰ ভায়মান ৰেল বুলি দাবী কৰা আন এটা পোষ্ট ভিডিও গেম বুলি প্ৰমাণ কৰি এই দাবী নস্যাত্ কৰে।    

Fact Check: Is The ‘Floating Train’ In The Video In China? Here’s The Truth

ওপৰৰ তথ্যৰ ভিত্তিতেই সামৰণিত কব পাৰি যে ভাইৰেল পোষ্টটো সম্পাদিত ভিডিওহে, সত্য নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।