সত্যতা নিৰূপণ: টকিও অলিম্পিকৰ স্বেচ্ছাসেৱকৰ মেডেলত ‘স্বয়ংসেৱক’ বপলি লিখা থাকিব নেকি? সত্য জাৱিবসৈ পঢ়ত

0 433

সামাজিক মাধ্যমত এটা বিশেষ মেডেলৰ ফটো ভাইৰেল হৈছে, মেডেলটো সমাগত টকিও অলিম্পিকৰ স্বেচ্ছা সেৱকৰ বাবে বুলি দাবী কৰাৰ লগতে এই মেডেলত হিন্দীত‘স্বয়ংসেৱক’ বুলি লিখা আছে বুলিও কোৱা হৈছে।

পেচবুক পোষ্টটোত লিখা আছে- “এই মেডেলটো  #টকিওঅলিম্পিকৰ স্বেচ্ছাসেৱকৰ বাবে, ইয়াত হিন্দীত *স্বয়ংসেৱক*.বুলি লিখা আছে।  #Iভাৰতৰ বাবে ই এখ গৌৰবৰ বিষয়। , গৌৰবেৰে শ্বেয়াৰ কৰক।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে.

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভাইৰেল পোষ্টটো ভুৱা বুলি নিশ্চিত কৰে

আমি এই ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত eBay ত এখন ফটো দেখিলো, ফটোখনৰ বাহিৰৰ ফালে লিখা আছে- “Olympic Tokyo2020 pin volunteer languages benevole volontair pin”

পাছত আমি টকিও অলিম্পিক ২০২০ৰ নিজস্ব ৱেবছাইটত আৰু অধিক তথ্য জনাৰ লগতে স্বেচ্ছাসেৱক সকলক কি কি সুবিধা প্ৰদান কৰা হ’ব বা বস্তু দিয়া হ’ব তাৰ সন্ধান কৰিলো।

তালিকাখনত কেতবোৰ সামগ্ৰী যেনে সমবেশ, স্বেচ্ছাসেৱকৰ কামত নিয়োজিত হৈ থকাৰ সময়ত খাদ্য-পানীয়, ভ্ৰমণ খৰছঃ (প্ৰতিদিনে ১০০০ য়েন)। কিন্তু কোনো মেডেল দিয়াৰ কথা উল্লেখ নাই।

ইয়াৰোপৰি সঘনে সোধা প্ৰশ্ন বা  FAQ  তো উল্লেখ আছে য়ে স্বেচ্ছাসেৱকসকলক তেঁওলোকৰ কামৰ অন্তত কোনো প্ৰমাণপত্ৰ প্ৰদান কৰা নহয়।

আমি টকিও অলিম্পিকৰ নিজস্ব ৱেবছাইটত- Tokyo Olympics official website. পুংখনাপখকৈ বিচৰাৰ পাছতো ভাইৰেল পোষ্টটোত দাবী কৰাৰ দৰে কোনো মেডেলৰ কথা উল্লেখ কৰা নেদেখিলো।

আৰু অধিক বিচাৰ কৰাত আমি দেখিলো এই বিশেষ ফটোখন ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি ডঃ নৰিন্দৰ ধ্ৰুৱ বাট্ৰায়ো শ্বেয়াৰ কৰা দেখিলো, পাছত তেঁও পোষ্টটো নোহোৱা কৰি দিছিল। ইণ্ডিয়া টুডেৰ সৈতে হোৱা সাক্ষাত্কাৰত তেঁও সেই ফটোখন প্ৰকৃততে ক’ৰ পৰা আহিল সেই বিষয়ে অঞ্জতা প্ৰকাশ কৰে আৰু এই সন্দৰ্ভত IOA ৰ কোনো সম্পৰ্ক নাই বুলিও কয়।

ওপৰৰ তথ্যৰ পৰা ঠাৱৰ কৰিব পাৰি যে উল্লেখ কৰা পোষ্টটো ভুৱা আৰু বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক