সত্যতা নিৰূপণ: নহয়! ভাৰতৰ ধৰ্মগুৰু বাসৱান্নাৰ ফটো মাৰ্কিন ১০০ ডলাৰ নোটত নাই

0 343

আমেৰিকাৰ ১০০ ডলাৰ নোটত ভাৰতীয় ধৰ্মগুৰু বাসৱান্নাৰ ফটো থকা বুলি দাবী কৰা এটা  পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে।

মাৰাঠা ভাষাত লিখা  পোষ্টটোৰ কেপচন এনে ধৰণৰ- ‘মাৰ্কিন যুক্তৰাষৰই ভাৰতলৈ বিশেষ সন্মান। তেঁওলোকে ১০০ ডলাৰ নোটত লিংগায়ট ধৰ্মীয় মতৰ প্ৰতিষ্ঠাপক বাসৱেশ্বৰ মহাৰাজৰ ফটো সন্নিবিষ্ট কৰিছে। ধন্যবাদ আমেৰিকা, ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।.

এনে আৰু অধিক পোষ্টক লিংক ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত পাব

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভাইৰেল পোষ্টটো ভুৱা বুলি নিশ্চিত কৰে

আমি মূল শব্দবোৰৰ সহায়ত ইণ্টাৰনেটত বিচৰাত মাৰ্কিন মুদ্ৰা আঁচনি(US Currency Education Program)ৰ ৱেবছাইট পালো। তাত পোৱা গ’ল ১০০ ডলাৰৰ নোট চাৰিবাৰ সলনি কৰা হৈছে, কিন্তু প্ৰতিবাৰেই মাৰ্কিন যুক্তৰাষ্ট্ৰ নিৰ্মানৰ অন্যতম হোতা বেঞ্জামিন ফ্ৰেংকলিনৰ ফটো ছপা হৈছে।

American 100 dollar note over the years

পাছত আমি আমেৰিকাৰ ১০০ ডলাৰৰ নোট অইন ফটোৰ সন্ধানত কেইবাটাও ৱেবছাইটত বিচাৰ কৰিলো। এবাৰ আমি ফাইভ স্কুইডৰ ৱেবছাইটত ভাইৰেল পোষ্টটোৰ ফটোখনৰ দৰেই এখন একেই নম্বৰয়ুক্ত নোট দেখিলো।

দুয়োখন নোট ৰিজাই চালে এয়া স্পষ্ট হয় যে ওপৰৰ ৱেবছাইটোৰ পৰাই এই পোষ্টটো সজোৱা হৈছে।

শেষত, বিশ্বাসযোগ্য সূত্ৰৰ পৰা সংবাদ মাধ্যমৰ বাতৰিৰ সন্ধান কৰিলো, কিন্তু ভাইৰেল পোষ্টটোৰ সৈতে অলপো মিল থকা এটাও বাতৰি লাভ নকৰিলো।

ইয়েই প্ৰমাণ কৰে যে ১০০ ডলাৰ নোটত বাসৱান্নাৰ ফটো থকা এই দাবী সত্য নহয়।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক