সত্যতা নিৰূপনঃ বিমান এখনৰ জৰুৰী অৱতৰণৰ সম্পাদনা কৰা ভিডিও এটা শেহতীয়া ঘটনাৰ ভিডিও বুলি দাবী কৰা হৈছে

0 345

বিমান এখন আকাশত অস্বাভাবিক ধৰণে লৰচৰ কৰি অৱশেষত জৰুৰী অৱতৰণ কৰাৰ এটা বিডিও সামাজিক মাধ্যমত বহুল ভাবে প্ৰচাৰ হৈছে। পোষ্টটোত দাবী কৰা হৈছে যে এই বিমানখন অলপতে দুৰ্ঘটনাগ্ৰস্ত হোৱা ইণ্ডোনেছিয়াৰ এখন বানিজ্যিক বিমান।

এজন  টুইটাৰ ব্যৱহাৰকাৰীয়ে ভিডিওটো প্ৰচাৰ কৰি হিন্দীতে কেপচনত লিখিছে- “ভুপতিত হোৱা ইণ্ডোনেছিয়াৰ যাত্ৰীবাহী বিমানখন কোনোমতে ৰক্ষা পৰে।#Alhamdulillah আল্লাক অশেষ ধন্যবাদ।”

একেই দাবীৰে ভিডিওটো ফেচবুকতো কেইবাবাৰো প্ৰচাৰ হৈছে।

সত্যতা নিৰূপন

নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত ভিডিওটোৰ সন্দৰ্ভত অনুসন্ধান কৰা বৈছিল আৰু সেয়া ডিজিটেল প্ৰক্ৰিয়াৰে বনোৱা বুলি প্ৰমাণিত হৈছে

ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত অনুসন্ধান কৰাত আমি ২০২০ চনৰ ২ মেত বপবিবুন নামৰ ইউটিউব চেনেল এটাত ভাইৰেল ভিডিওটো প্ৰচাৰ কৰা দেখিলো। ভিডিওটোৰ শিৰোনামত লিখা আছে- “নিচাসক্ত বৈমানিকে | X-Plane 11 বিমানখন সাংঘাটিকভাবে আচহুৱাকৈ অৱতৰণ কৰাৰ দৃশ্য।” ভিডিওটোৰ বিৱৰণিত  উল্লেখ আছে যে ইয়াক ডিজিটেল মাধ্যমেৰে প্ৰস্তুত কৰা হৈছে।

বিৱৰণিত লিখা আছে- “উল্লেখনীয়ঃ এয়া কেৱল কল্পনাহে। এই ঘটনা বাস্তব নহয়! ভিডিওটোত দেখুওৱা প্ৰতিটো ঘটনাই বাস্তব জীৱনৰ নহয় কাৰণ বিমান এখনৰ এনেদৰে ভয়ংকৰ অৱতৰণৰ কাল্পনিক দৃশ্যায়ন মোৰ বাবে প্ৰত্যাহ্বান আছিল।”  ইউটিউব ভিডিওটোৰ পঞ্চম মিনিট ৪১ ছেকেণ্ডত ভাইৰেল হোৱা ভিডিওখিনি দেখা যায়।

তলত দুয়োটা ভিডিওৰ কী-ফ্ৰেমৰ ৰিজনি দেখুওৱা হৈছে। .

নিউড মোবাইলে পূৰ্বেও এনে ধৰণৰ ভিডিওৰ সত্যতা উদঙাইছে। তলত এনে ধৰণৰ ভিডিওৰ সত্যতা নিৰূপণৰ উদাহৰণ দিয়া হ’ল।

Fact Check: Simulation Video Shared With A380 Airbus Making Emergency Landing Claim

Fact Check: Simulation Video Of MiG Fighter Aircraft Landing On Dam Shared As Real

গতিকে প্ৰমাণ হ’ল য়ে এয়া সম্পাদিত ভিডিওহে, এনে ঘটনা বাস্তবত সংঘটিত হোৱা নাই।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক