সত্যতা নিৰূপণ : আশ্চৰ্যকৰ! স২০১৭ৰ বিহাৰৰ দলং ভঙাৰ ভিডিও অসমৰ শেহতীয়া বান পৰিস্থিতৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 420

অসমৰ সেহতীয়া বানত ৰাজ্যৰ ২২খন জিলাৰ ৭.২ লাখ মানুহক ক্ষতিগ্ৰস্ত কৰিছে। এনে সময়তে অসমৰ বানৰ বহু ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।

এনে এটা ভিডিওত বানত এখন দলং ভাগি পৰাৰ ফলত এটা পৰিয়াল বানত উটি যোৱা দেখা গৈছে। ঊিডিওটোৰ সৈতে কেপচনত লিখা আছে-  “অসমৰ বান ২০২২: ধাৰাসাৰ বৰষুণ #অসমৰ বান #অসম #অসমৰ বৰষুণ #অসম ২০২২বান #অসমপানী

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।

আমি ভিডিওটোৰ মূল ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। আমি একেটা ভিডিও টাইমছ অৱ ইণ্ডিয়াৰ ইউটিউব চেনেলত ২০১৭ চনৰ ১৮ আগষ্টত প্ৰচাৰ কৰা দেখা পালো। তাৰ শিৰোনামত আছে- অন কেমেৰা: বিহাৰত দলং খহি পৰাৰ ফলত এটা পৰিয়ালৰ ৩জন সদস্য পানীত উটি যায়।

ভিডিওটোৰ বিৱৰণিত আছে-: “আশ্চৰ্যকৰ ঘটনা, বিহাৰৰ আৰাৰিয়া জিলাত দুখন গাওঁ সংযোগী এখন দলং ভাগি পৰাত এটা পৰিয়ালৰে তিনিজন সদস্য উটি যোৱা বুলি আশংকা কৰা হৈছে। বিহাৰত কেই সপ্তাহমান ধৰি ধাৰাসাৰ বৃষ্টিপাত হৈ থকাৰ ফলত বহু কেইটা অঞ্চলত বানসদৃস পৰিবেশৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বান পৰিস্থিতিৰ বাবে সাধাৰ জীৱন ব্যাহত হৈ পৰিছে।

দ্য কুইণ্ট তো একেটা ২০১৭ চনৰ ভিডিও প্ৰচাৰ কৰা হৈছিল, তাত লিখা আছিল-বিহাৰৰ আৰাৰিয়াত দলং ভাগি পৰাৰ ফলত এটা পৰিয়ালৰ তিনিজন লোক বানত উটি যায়।

  এনডিটিভিৰ এটা বাতৰি অনুসৰি বিহাৰৰ আৰাৰিয়া জিলাৰ এখন ভঙা দলং খহি পৰাৰ ফলত এগৰাকী মহিলা আৰু এটি শিশুসহ এটা পৰিয়ালৰ তিনিজন লোকক বানৰ পানীয়ে উটুৱাই লৈ যায়।   

এয়াই স্পষ্ট কৰি দিয়ে যে ভাইৰেল ভিডিওটো অসমৰ বান পিৰস্থিতিৰ ভিডিও  

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তৰ  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।