সত্যতা নিৰূপণ : প্ৰধানমন্ত্ৰী মোদীয়ে এই ভাইৰেল হোৱা ‘ৰাম ভজন’টো গোৱা নাই

0 667

অলপতে এটা ৰাম ভজনৰ ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে এই ভজনটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাইছে।    

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি হিন্দীতে লিখিছে- “*আপুনি যদি জানিবলৈ পায় এই ভজনটো কোনে গাইছে, আপুনি আশ্চৰ্যচকিত হৈ পৰিব। এই ভজনটো অইন কোনেও নহয়,  আমাৰ দেশৰ স্বয়ং প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে গাইছে।ধন্য এই দেশ যিখন দেশৰ প্ৰধানমন্ত্ৰী এনে ধাৰ্মিক আৰু সংস্কৃতিবান…**বহু গৌৰবৰ কথা। একেবাৰে প্ৰফেছনেল গায়কৰ দৰে গাইছে।* 

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই ভাইৰেল ভিডিওটোক সন্দৰ্ভত অনুসন্ধান কৰি এয়া ভুৱা আৰু মিছা দাবীৰে প্ৰচাৰ কৰা বুলি প্ৰতিপন্ন কৰিছে।  

 আমি মূল শব্দ ব্যৱহাৰেৰে ইণ্টাৰনেটত অনুসন্ধান কৰিলো আৰু একেটা ভিডিও পূজ্য প্ৰেমভূষণজী মাহাৰাজৰ ইউটিউব চেনেলত ২০২১ চনৰ ১৮ মাৰ্চত প্ৰচাৰ হোৱা দেখিলো।  

 ভিডিওটোৰ শিৰোনামত আছে- পূজ্য প্ৰেমভূষণজী মাহাৰাজ *ভজন* ৰাম নামকে সবুন সে জো (যোগাযোগ +916394157463),” 

যিসকলে শুনিব এই ভিডিও আৰু ভাইৰেল ভিডিওটোৰ কণ্ঠ একেটা বুলি জানিব পাৰিব।   

 

লক্ষ্যণীয়ভাবে ইউটিউব ভিডিওটোৰ কতোৱেই প্ৰধানমন্ত্ৰী মোদীৰ নাম উল্লেখ নাই।

ওপৰৰ তথ্যসমূহৰ পৰাই কব পাৰি যে ভাইৰেল ভিডিওটোৰ দাবী ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তৰ  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।