সত্যতা নিৰূপণ: ৰাহুল গান্ধীয়ে অলিম্পিকৰ স্ৱৰ্ণ বিজয়ী নীৰজ চোপ্ৰা সন্দৰ্ভত এই টুইট কৰা নাছিল, ভাইৰেল হোৱা দাবীটো ভুৱা

0 388

ৰাহুল গান্ধীৰ টুইট বুলি দাবী কৰা এটা স্ক্ৰীণ শ্বট সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভাইৰেল পোষ্টটোত কোৱা অনুসৰি তেঁও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিছে টকিঅ’ অলিম্পিকত নীৰজ চোপ্ৰাই কিয় “দ্বিতীয় স্থান” লাভ কৰিলে বুলি।

ভাইৰেল পোষ্টটোৰ সৈতে থকা লিখনিৰ অনুবাদ এনেধৰণৰ- “প্ৰথম অহাৰ পাছতো দ্বিতীয় স্থানত ৰখাটো উচিত হৈছেনে? মোদীজীয়ে উত্তৰ দিয়ক।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্টৰ লিংক   ইয়াতআৰু  ইয়াত আছে। .

ফটোখন ফেচবুকত ভাইৰেল হৈছে।  .

সত্যতা নিৰূপণ

নিউজমোবাইলে এই সন্দৰ্ভত অনু,ন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

আমি ৰাহুল গান্ধীৰ টুইটাৰ হেণ্ডেলত বিচাৰ কৰিলো আৰু এনে ধৰণৰ কিবা টুইট পোষ্ট কৰা হৈছিল নেকি চালো। আমি তেনে কোনো টুইট নাপালো।  অবশ্যে আমি স্ক্ৰীণশ্বট দিয়া টুইটটোত উল্লেখ থকা একেই তাৰিখ আৰু সময়ত পোষ্ট কৰা এটা টুইট পালো।  মূল টুইটটোত ৰবি দাহিয়াই ৰূপৰ পদক লাভ কৰাৰ কাৰণে তেঁও অভিনন্দন জনাইছে।

তলত দুয়োটা টুইটৰ ৰিজনি দিয়া হৈছে।

উল্লেখ্য য়ে নীৰজ চোপৰাই স্বৰ্ণ পদক লাভ কৰিছে  টকিঅ’ অলিম্পিকত ২০২১ চনৰ ৭ আগষ্টত, অথচ টুইটটো পোষ্ট কৰা হৈছিল ২০২১ চনৰ ৫ আগষ্টত, ইয়াৰ দুদিন আগত।

নীৰজ চোপ্ৰাক তেঁওৰ সাফল্যৰ বাবে ৰাহুল গান্ধীয়ে ২০২১ চনৰ ৭ আগষ্টত তেঁওৰ ফেচবুক আৰু ইনষ্টাগ্ৰামত অভিনন্দন জনাইছিল।

ভাইৰেল পোষ্টটোতশ্বেয়াৰ কৰা ফটোখন টকিঅ’ অলিম্পিকত ২০২১ চনৰ ৭ আগষ্টৰ মেডেল প্ৰদান অনুষ্ঠানৰ, যিটো অলিম্পিক সমিতিৰ নিজা  ইউটিউবত প্ৰচাৰ কৰা হৈছিল। ভাইৰেল হোৱা ফটোখন ভিডিওটোৰ ১.৫৫ মিনিটৰ।

এনেদৰে প্ৰমাণ হ’ল যে বাইৰেল হোৱা পোষ্ট আৰু ইয়াৰ দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9– এই নম্বৰত হোৱাটচ আপ কৰক।