সত্যতা নিৰূপণঃ একাংশ লোকে সাগৰৰ ঢৌৰ দৃশ্য গ্ৰহণ কৰি থকা ভিডিও সামাজিক মাধ্যমত প্ৰচাৰ কৰি এয়া ৱাটাৰ্ড টংগাৰ চুনামীৰ সময়ৰ বুলি দাবী কৰিছে

0 579

টংগাত ২০২২ৰ ১৫ জানুৱাৰীত দক্ষিণ প্ৰশান্ত মহাসাগৰত আগ্নেয়গিৰিৰ উদ্গীৰণৰ ফলত সংঘটিত হোৱা চুনামী য়ে ত্ৰাসৰ সৃষ্টি কৰিছিল। এই দুৰ্ঘটনাই দ্বীপ ৰাষ্ট্ৰখনত আতংকৰ সৃষ্টি কৰাৰ লগতে ৩জন লোকৰো প্ৰাণ হানি হৈছিল। অৱশ্য়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰা এই ভিডিওটোত পুৰুষ আৰু মহিলাসকলে সাগৰৰ ঢৌৰ ভিডিওৰ দৃশ্য গ্ৰহণ কৰি থকা দেখাই কোৱা হৈছে কিদৰে চুনামীৰ ভয়াবহতাৰ মাজতো তেওঁলোকে নিজৰ জীৱনকো তুচ্ছ কৰি এনেদৰে দৃস্য গ্ৰহণ কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰী য়ে ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে-   “টংগা…সাগৰতলীত আগ্নেয়গিৰি বিস্ফোৰণৰ সময়ত এই ব্যক্তিজনৰ দৰে কৰা অনুচিত… এডাল কলগছেই যথেষ্ট নহয়।”

ভিডিওটো একেই দাবীৰে টুইটাৰ তো ভাইৰেল হৈছে।

সত্যতা নিৰূপন

নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।

ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত ভিডিওটোৰ কী প্ৰেমৰ ফটো দি অনুসন্ধান কৰাত আমি মেম্বায়ং টিভিৰ ইউটিউব চেনেলত ২০২১ চনৰ ৬ ডিচেম্বৰত প্ৰচাৰিত সেই একেটা ভিডিওৰে পূৰ্ণ ৰূপ দেখা পালো।

মূল ভিডিওটোৰ ১ মিনিট ৫৩ ছেকেণ্ডত ভাইৰেল ভিডিও ক্লিপটো দেখা যায়। মূল ভিডিওটোত মানুহজনে ইণ্ডোমেছিয়াৰ ভাষাত কেমেৰালৈ লক্ষ্য কৰি কথা কৈ থকা দেখা গৈছে। তাৰ পাছত তেওঁক এটা লাইফ জেকেট পৰিধান কৰি গছ এডালত বক্সিঙৰ কলা প্ৰদৰ্শন কৰাও দেখা গৈছে। আন একাংশ পুৰুষ মহিলাই সাগৰৰ ঢৌৰ দৃশ্যগ্ৰহণ কৰি থকাও দেখা গৈছে।

ভিডিওটোৰ বিৱৰণি আৰু ভিডিওটোৰ প্ৰত্যুত্তৰ শিতানত প্ৰকাশ পোৱা অনুসৰি ভিডিওটো ইণ্ডোনেছিয়াৰ ৰিয়াও, পেলাটেৱান, তেলুকমেৰাণ্টিত ৬ ডিচেম্বৰত দৃশ্যগ্ৰহণ কৰা।

ভাইৰেল হোৱা ক্লিপটোত দেখা লোকজন থকা কেইবাটাও ভিডিও ইউটিউবত পোৱা যায়।

সেয়ে, স্পষ্ট হ’ল যে, পুৰণি ভিডিও এটাকেই টংগাৰ চুনামীৰ সময়ৰ ভিডিও বুলি দাবী কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক