এজন বয়োজ্যেষ্ঠ লোকৰ ফটোসহ প্ৰকাশ পোৱা এটা বাতৰিৰ ছিগা অংশৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। পোষ্টটোত কোৱা হৈছে, বয়োজ্যেষ্ঠ লোকজন ৮০০ সন্তানৰ পিতৃ।
বাতৰিটোৰ শিৰোনামত লিখা আছে- “১৯৫১ আৰু ১৯৬৪ চনৰ ভিতৰত এই গুৱালজনে ৮০০ সন্তানৰ পিতৃ হোৱা বুলি ডিএনএ ৰিপোৰ্টত প্ৰকাশ পাইছে।”
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে স্ক্ৰীণশ্বটটো প্ৰচাৰ কৰি কেপচনত লিখিছে “ডিএনএ পৰীক্ষাত প্ৰকাশ পালে এই গুৱালজন ৮০০ সন্তানৰ পিতৃ হিচাপে পৰিগণিত হ’ল।”
ফটোখন একে ধৰণৰ দাবীৰে টুইটাৰতো প্ৰচাৰ হৈছে।
সত্যতা নিৰূপন
নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।
আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত অনুসন্ধান কৰাত ২০২১ চনৰ ২৪ ডিচেম্বৰত এটা ব্যংগাত্মক টিবি চেনেল- ডেইলিনিউজৰিপোৰ্টেড ডট কম (dailynewsreported.com )ত প্ৰচাৰিত সেই বিশেষ বাতৰিটো পালো।
আমি চেনেলটোৰ বিষয়ে পঢ়ি চোৱাত জানিব পাৰিলো যে ই ব্যংগাত্মক বাতৰি কাকত আৰু ৱেব ছাইট।
ডেইলি নিউজ ৰিপোৰ্টেডৰ ‘আমাৰ বিষয়ে’ শিতানত আছে- “ডেইলি নিউজ ৰিপোৰ্টেড এক ধৰণৰ কাল্পনিক ব্যংগাত্মক বাতৰি কাকত আৰু ৱেব ছাইট। ডেইলি নিউজ ৰিপোৰ্টেডে কেৱল সমাজৰ গণ্যমান্য লোকৰ কথাবোৰ কাল্পনিকভাবে প্ৰকাশ কৰাৰ বাহিৰে নিজৰ গল্পবোৰৰ পাত্ৰৰ নাম নিজেই নিৰ্ধাৰণ কৰে। ডেইলি নিউজ ৰিপোৰ্টেডৰ গল্পসমূহ ১৮ বছৰৰ ঊৰ্ধৰ লোকৰ বাবেহে।”
আৰু অধিক অনুসন্ধান কৰাত আমি একেজন বয়োজ্যেষ্ঠ লোকৰ ফটো ছানছাইন-চিটি-টপ ছাইত দেখিলো। ফটোখনৰ বিৱৰণিত লিখা আছে-. “টুপী পিন্ধা বয়োজ্যেষ্ঠ লোকজন”।
গতিকে এয়া স্পষ্ট হৈছে, যে ব্যংগাত্মক লেখা এটাৰ বাতৰিৰ স্ক্ৰীণশ্বট ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।
আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক