সত্যতা নিৰূপণ : সবিজেপি নেতাসকলৰ মাজত হোৱা মাৰপিটৰ পুৰণি ভিডিও আপ (A AP) নেতাৰ মাৰপিটৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 485

কেইজনমান লোকে মাৰপিট কৰি থকা এটা ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ভিডিওটো আম আদমী পাৰ্টী, চমুকৈ আপ (AAP)ৰ সভাত সংগ্ৰহ কৰা আৰু আপৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে সাংসদ সঞ্জয় সিঙে নিজৰেই দলৰ সদস্যক জোতা দলিয়াই আক্ৰমণ কৰিছে।

ভিডিওটোৰ কেপচনত আছে-দিল্লীত আম আদমী পাৰ্টীৰ সভা চলি থকাৰ সময়তে দলটোৰ সাংসদ সঞ্জয় সিঙে নিজৰেই দলৰ সদস্যক জোতাৰে আক্ৰমণ কৰিছে। সন্মুখত থকাসকলেও সঞ্জয় সিঙক জোতাৰে আক্ৰমণ কৰে।এই বদমাচকেইটাই দিল্লীয়েই চম্ভালিব নোৱাৰে আৰু হিমাচলতো চৰকাৰ বনোৱাৰ সপোন দেখে…!!!!”

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন হৈছে।

আমি ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত একেটা ভিডিও এজন সাংবাদিকে ২০১৯ চনত প্ৰচাৰ কৰা দেখিলো।   

২০১৯ৰ ৬ মাৰ্চৰ এটা টুইটত ভিডিওটোৰ সৈতে লিখা আছে- উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰৰ এখন ৰাজহুৱা সভাত এখন উন্মোচনী/ বা আধাৰশিলাৰ ফলকত বিজেপি সাংসদ শৰদ ত্ৰিপাঠীৰ নাম নথকাক লৈ হোৱা বিতৰ্কত সাংসদজনক বিজেপিৰ স্থানীয় বিধায়ক ৰাকেশ ৱাঘেলে জোতাৰে আক্ৰমণ কৰে। 

উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰত এখন ৰাজহুৱা সভাতেই বিজেপিৰ সাসংদ শৰদ ত্ৰিপাঠীক বিজেপিৰ স্থানীয় বিধায়ক ৰাকেশ ৱাঘেলে জোতাৰে আক্ৰমণ কৰে। কাজিয়াৰ সূত্ৰপাত ঘটে উন্মোচনী/ বা আধাৰশিলাৰ ফলক এখনত সাসংদজনৰ নাম উল্লেখ নথকাক লৈ হোৱা বিতৰ্কৰ পাছত।  pic.twitter.com/BL6RiMTLkX

ইয়াত ভিত্তি কৰি আমি মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত আমি ২০১৯ৰ ৬ মাৰ্চত নিউজ মোবাইলত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ২০০ কিঃমিঃ আঁতৰৰ সন্ত কবীৰ নগৰত বিজেপিৰ সাসংদ শৰদ ত্ৰিপাঠীৰ সৈতে বিজেপিৰ স্থানীয় বিধায়ক ৰাকেশ ৱাঘেলৰ কাজিয়াৰ সূত্ৰপাত ঘটে।   

বাতৰিটোৰ মতে জনপ্ৰতিনিধিদুজনে আধাৰশিলা ফলক এখনত নাম খোদিত কৰা সন্দৰ্ভত বাক বিতাণ্ডাত লিপ্ত হৈছিল।  

News wire ANI UP News wire ANI UP তো ২০১৯ৰ  ৬ মাৰ্চত একেটা ভিডিওসহ বাতৰি প্ৰকাশ পাইছিল।

#WATCH Sant Kabir Nagar: BJP MP Sharad Tripathi and BJP MLA Rakesh Singh exchange blows after an argument broke out over placement of names on a foundation stone of a project pic.twitter.com/gP5RM8DgId

— ANI UP (@ANINewsUP) March 6, 2019

২০২০ চনতো এনে ভিডিও নিউজ মোবাইলে ভুৱা বুলি প্ৰমাণ কৰিছিল। সেই সময়ত মন্ত্ৰীৰ সভা এখনত প্ৰধানমন্ত্ৰীৰ হৈ ভাষণ দি থকা অবস্থাত এজন বিজেপি সদস্যক জোতাৰে আক্ৰমণ কৰা বুলি দাবী কৰা হৈছিল।

Fact Check: Old Video Of Scuffle Between BJP Leaders Shared With False Claim

ওপৰৰ তথ্যই প্ৰমাণ কৰে, ভাইৰেল ভিডিওটো পুৰণি আৰু ইয়াক ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তৰ  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।