সত্যতা নিৰূপণ : ছিৰিয়াৰ সমূহীয়া হত্যাকাণ্ডৰ পুৰণি ভিডিও এটা মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে

0 357

গণহত্যাৰ এটা ভয়ংকৰ ভিডিও সামাজিক মাধ্যমত বহুল ভাবে প্ৰচাৰিত হৈছে। তাৰ কেপচনত লিখা আছে- ছিৰিয়াত ৰমজান মাহত উপবাসে নথকা অমুছলমানসকলক গণহত্যা কৰা হৈছে।

ভিডিওটোৰ সৈতে কেপচনত লিখা আছে: “এইখন ইছলামিক ৰাষ্ট্ৰ ছিৰিয়া… ইয়াত ৰমজান উদযাপন নকৰা খাৰিফসকলক গুলীয়াই হত্যা কৰা হয়।… এটা প্ৰকাণ্ড কবৰ খন্দা হৈছে আৰু চকু বান্ধি যিসকলক হত্যা কৰা হৈছে, তেওঁলোকক ইয়াতেই পোতা হৈছে।…এয়াই ইছলাম আৰু ছিৰিয়াৰ ধাৰণা…কোনো বাক স্বাধীনতা নাই, নাই ইচ্ছা অনুসৰি জীয়াই থকাৰ স্বাধীনতা…কিন্তু ভাৰতত ইয়াৰ সম্পূৰ্ণ বিপৰীত… ইয়াত ইছলামিক জেহাদে হিন্দুক হত্যা কৰে… জেহাদীয়ে সৰু কথাতেই মানুহক হত্যা কৰে, মহিলাসকলক ধৰ্ষণ, হত্যা কৰে…

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন হৈছে।

.

ভিডিওটোৰ স্ক্ৰীণশ্বটৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেখন ফটো দ্য গাৰ্ডিয়ান কাকতত ২০২২ৰ ২৭ এপ্ৰিলত প্ৰকাশিত এটা বাতৰিত পালো। বাতৰিটোত ছিৰিয়াৰ নেতাসকলৰ সৈতে বিদ্ৰোহী গোটৰ হোৱা সংঘৰ্ষৰ ফল স্বৰূপে হোৱা গণহত্যাত ডামাস্কহছৰ সমীপৰ টাডামোনত কমেও ৪১জন লোকৰ মৃতদেহ পোৱা গৈছে। বাতৰিটোত এয়া ২০১৩ চনৰ ১৬ এপ্ৰিলৰ ঘটনা বুলিও কোৱা হৈছে।

আমি একেটা ভিডিও আন্দোলু নিউজ এজেন্সীত দেখিলো, তাৰ কেপচনত আছে এই নতুন ফুটেজত আছাদ শাসকে বহু লোকক হত্যা কৰা দেখা গৈছে। দ্য গাৰ্ডিয়েনৰ সমীক্ষা অনুসৰি বাছাৰ-উল-আছাদ শাসকে ২০১৩ত ডামাস্কহছৰ সমীপৰ টাডামোনত কমেও ৪১জন লোকক হত্যা কৰে।

এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল ভিডিওটো ভুৱা তথ্য আৰু দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তৰ  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।