সত্যতা নিৰূপণ : লকডাউনৰ সময়ত লাঠি চালনাৰ পুৰণি ভিডিওকেই ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে

0 603

আৰক্ষীয়ে মানুহৰ দজাক এটাক খেদি খেদি কোৱাই থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে, দাবী কৰা হৈছে যে এই ভিডিওত সংখ্যাগুৰু সম্প্ৰদায়ৰ আৰক্ষীয়ে সংখ্যালঘু লোকসকলক খেদি নিয়াৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ এজন বয়োজ্যেষ্ঠ লোকক কোবোৱা দেখা গৈছে। 

ভিডিওটোৰ সৈতে কেপচনত আছে-চাওক, হিন্দুত্বৰ ধ্বজাবাহক আৰক্ষীয়ে নিৰ্দয়ভাৰে এজন বয়োজ্যেষ্ঠ মুছলমান লোকক কোবাইছে।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।.

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

আমি ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। আমাৰ অনুসন্ধানত আমি নিউজ ২৪ত ২০২০ৰ এপ্ৰিলত প্ৰচাৰিত এটা বাতৰিত একেটা ভিডিও দেখা পালো।

বাতৰিটোত প্ৰকাশ পোৱা মতে এই ভিডিওটো উত্তৰ প্ৰদেশৰ বেৰেইলীৰ, তাত একাংশ লোকে লকডাউনৰ নিয়ম ভংগ কৰাৰ লগতে আৰক্ষীক আক্ৰমণ কৰা লোকক আৰক্ষীয়ে আটক কৰাৰ সময়ৰ।

 এনডি টিভিয়েও ২০২০ৰ ৬ এপ্ৰিলত ঘটনাটোৰ বাতৰি প্ৰচাৰ কৰিছিল। 

News18 ত প্ৰচাৰিত এটা বাতৰি অনুসৰি এই ঘটনাটো বেৰেইলীৰ কৰমপুৰ চৌধুৰী গাঁৱৰ। আৰক্ষীয়ে ৪০-৪৫জন লোকক আটক কৰিছিল।

একে ধৰণৰ এটা দাবীৰ প্ৰত্যুত্তৰ দি বেৰেইলী আৰক্ষী  য়েও টুইট যোগে স্পষ্ট কৰি দিছে যে এই ভিডিওটো ২০২০ চনৰ; যি সময়ত কোভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই ভাইৰাছ যাতে বিয়পিব নোৱাৰে তালৈ লক্ষ্য ৰাখি ৰাজহুৱা স্থানত মানুহ গোট খোৱাটো বেআইনী বুলি প্ৰকাশ কৰি সম্পূৰ্ণ লকডাউন চলি আছিল।

গতিকে ওপৰৰ সত্যতা নিৰূপণৰ দ্বাৰা এয়া স্পষ্ট হয় যে ভাইৰেল ভিডিওটো পুৰণি আৰু ভিডিওটোৰ সৈতে কৰা দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।