সত্যতা নিৰূপণ : অমিত শ্বাহে মুপুৰ শৰ্মাৰক সুৰক্ষা প্ৰদান কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল নেকি? সত্য জানিবলৈ পঢ়ক

0 578

হজৰত মহম্মদৰ প্ৰতি বিতৰ্কিত নুপুৰ শৰ্মাই মন্তব্য কৰাৰ পাছত ৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে বহু ঠাইত গোষ্ঠী সংঘৰ্ষৰো সূত্ৰপাত হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে বহিষ্কাৰ কৰাৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহৰ বুলি দাবী কৰা এখন বিশেষ পত্ৰক লৈ সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা অনুসৰি উত্তৰখাণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ ধামীলৈ লিখা পত্ৰখনত অমিত শ্বাহে নুপুৰ শৰ্মাক জেড ক্লাছ সুৰক্ষা দিবলৈ কোৱা হৈছে।

প্ৰচাৰ হোৱা চিঠিখনত আছে-  “শ্ৰী  পুষ্কৰ ধামী, আপুনি ৰাজ্যত আইন শৃংখলা পৰস্থিতি নিয়ন্ত্ৰিত ৰখা কাৰ্যৰ লগতে শ্ৰী অজয় গুপ্তাক জেড সুৰক্ষা প্ৰদান কৰাৰ কথাৰো শলাগ লৈছো। বৰ্তমান পৰিস্থিতিত মই আপোনাক নুপুৰ শৰ্মাৰ ডেৰাডুনৰ ঘৰলৈ আহিব পৰা সংকট সন্দৰ্ভতো জেদ সুৰক্ষা প্ৰদান কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। অজয় শৰ্মা আৰু নুপুৰ শৰ্মা দুয়ো ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নীতিৰ প্ৰচাৰক আৰু ইয়াৰ দ্বাৰাই আমাৰ হিন্দু ৰাষ্ট্ৰ স্থাপনৰ লক্ষ্যৰো সহায়ক। আশা কৰোঁ, এই কাৰ্যৰ দায়িত্ব বুজিব আৰু গুৰুত্বসহকাৰে কামখিনি সম্পন্ন কৰিব।– আপোনাৰ বিশ্বাসী অমিত শ্বাহ।

পোষ্টটোৰ লিংক  ইয়াত.পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

আমি যথপোযুক্ত শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত নুপুৰ শৰ্মাৰ সুৰক্ষাক লৈ অমিত শ্বহে পুষ্কৰ ধামীলৈ প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত কোনো তথ্য লাভ নকৰিলো।

আমি ২০২১ত ভাইৰেল হোৱা এখন পত্ৰও লাভ কৰিলো, এই পত্ৰখনতো বৰ্তমান ভাইৰেল হোৱা ফটোখনত থকা একেটা H.M.P নম্বৰেই আছে। দুয়োখন পত্ৰৰ তলৰ সোঁফালে ভাঁজ লগোৱা চিন আছে। তাৰ পাছতেই নিউজ মোবাইলে সত্যতা নিৰূপণ কৰিলে।

ভাইৰেল ফটোভুৱা পত্ৰ

PIBৰ সত্যতা নিৰূপণে  ও এই দাবী অসত্য বুলি নিশ্চিত কৰে। সংস্থাটোৰ এটা টুইটত আছে-,, “কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উত্তৰখাণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীলৈ লিখা বুলি দাবী কৰা এখন পত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ইয়াৰ দ্বাৰাই ভাইৰেল হোৱা দাবী অসত্য বুলি নিশ্চিত হয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।