সত্যতা নিৰূপণ: ছিৰিয়াৰ ISIS সন্ত্ৰাসবাদীৰ পুৰণি ভিডিও কাশ্মীৰৰ সেহতীয়া ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 339

মহিলা, শিশুসহ এদল লোক পাহাৰীয়া পথেৰে পলোৱাৰ চেষ্টা কৰি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোৰ সৈতে কোৱা হৈছে যে ভিডিওটোত কাশ্মীৰৰ পৰা মুছলমানসকলক আঁতৰাই পঠিওৱাৰ চেষ্টা কৰা হৈছে।

ফেচবুকত প্ৰচাৰিত ভিডিওটোৰ সৈতে আৰবী ভাষাত লিখা কেপচনত আছে- “কাশ্মীৰত মুছলমান হত্যা আৰু স্থানান্তৰ কৰাৰ দৃশ্য। আল্লাই বচাওক, তেঁৱেই সকলো সমস্যাৰ সমাধান কৰিব।”

(Original Text: شاهد قبل الحذف قتل وتهجير المسلمين من كشمير حسبي الله ونعم الوكيل)

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।  একেধৰণৰ পোষ্ট  ইয়াতইয়াত, আৰু  ইয়াত পাব।.

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

আমি ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৯ৰ ১৫ মাৰ্চত প্ৰচাৰিত একেটা ভিডিও থকা এটা বাতৰি লাভ কৰিলো। ভিডিওটোৰ শিৰোনামত লিখা আছিল- “Isisৰ সদস্যৰ পৰিয়াল আৰু যোদ্ধাসকল কেলিফেইটৰ শেষ যুদ্ধক্ষেত্ৰৰ পৰা পলোৱাৰ দৃশ্য।”

আৰু অধিক অনুসন্ধান কৰাত আমি ২০১৯ চনৰ ১৪ মাৰ্চত প্ৰচাৰিত আন এটা বাতৰি লাভ কৰিলো, বাতৰিটোৰ সৈতে ভাইৰেল হোৱা ভিডিওটোও সন্নিবিস্ত আছিল। ভিডিওটোৰ শিৰোনামত আছিল-, “ISISৰ কেইটামান সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ পত্নী-সন্তানৰ সৈতে ISISৰ ঘাটি বাক্সোজৰ পৰা পলোৱাৰ দৃশ্য। এই পথবোৰ সচৰাচৰ সন্ত্ৰাসবাদী আৰু পত্নী-সন্তান বা পৰিয়ালৰ লোক পলোৱাৰ বাবে খোলা হয়, কিন্তু তেনে কোনো পথ দেখা পোৱা যোৱা”

আৰু অভিক অনুসন্ধানত আমি ৰয়টাৰত ২০১৯ চনৰ ১৪ মাৰ্চত প্ৰচাৰিত এটা বাতৰিৰ সৈতে একেটা ভিডিও দেখিলো। বাতৰিটোত আছে-  “ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদীয়ে পত্নী আৰু শিশুসকলৰ সৈতে ছিৰিয়াৰ মাৰ্কিন সেনাই সহায় কৰা নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ দৃশ্য।”

এই তথ্যই প্ৰমাণ কৰে, ভাইৰেল হোৱা ভিডিওটো ছিৰিয়াৰ, পোষ্টটোত দাবী কৰাৰ দৰে কাশ্মীৰৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক