সত্যতা নিৰূপণ: চৌডিৰ পেট্ৰোল পাম্পৰ পৰা এজন লোকক অপহৰণ কৰা এটা ভিডিও উত্তৰ প্ৰদেশৰ বুলি ভুৱা দাবী উত্থাপন কৰিছে

0 320

এজন লোকক অপহৰণ কৰা চিচি টিভিৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ভিডিওটো উত্তৰ প্ৰদেশৰ বাদাউনত সংঘটিতক হোৱা বুলি দাবী কৰা হৈছে।

পেচবুকত শ্বেয়াৰ কৰা ভিডিওটোৰ হিন্দীতে লিখা কেপচনত আছে- “ৰাম ৰাজ্যত চোৰৰ দপদপনি লক্ষ্য কৰক। গাড়ীত তেল ভৰোৱা এই লোকজনক হাতত থকা টকা কেইটাৰ বাবেই চোচোৰাই লৈ যোৱা হৈছে। ঘটনাটো উত্তৰ প্ৰদেশৰ বাদাউনৰ।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট  ইয়াতইয়াত, আৰু ইয়াত. আছে।

সত্যতানিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

আমি ভিডিওটোৰ কী ফ্ৰেম তাটি উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। অনুসন্ধানত আমি ২০২১ৰ ২ অক্টোবৰত গালফনিউজত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। এই বাতৰিটোৰ সৈতেও ভাইৰেল হোৱা ভিডিওটো প্ৰচাৰ কৰা হৈছিল। বাতৰিটোত উল্লেখ কৰা অনুসৰি “হেইল অঞ্চলৰ এটা পেট্ৰোল পাম্পৰ এজন লোকক অপহৰণ কৰাৰ অপৰাধত চৌডি আৰক্ষীয়ে তিনিজন আৰবৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল। পেট্ৰোল পাম্পটোৰ কৰ্মচাৰীজনক ঠেলি হেচি গাড়ীৰ ভিতৰত সোমোৱাই লৈ যোৱাৰ এই ঘটনাৰ এটা ভিডিও ক্লিপ ভাইৰেল হৈছিল।”

বাতৰিটোৰ সৈতে ২০২১ৰ ২৯ ছেপ্তেম্বৰৰ এটা টুইট লিংক আছিল। টুইটটোৰ সৈতে থকা ভাইৰেল ভিডিওটোৰ আৰবী আষাত লিখা কেপচনৰ অনুবাদ এনেধৰণৰ-  “গোপন টিভি (চিচি টিভি)ৰ ভিডিও, এজন যুবকে পেট্ৰোল পাম্পৰ কৰ্মচাৰী এজনক গাড়ীৰ ভিতৰত তুলি অপহৰণ কৰাৰ দৃশ্য।”

আৰু অধিক বিচাৰ কৰাত ২০২১ৰ ১ অক্টোবৰত প্ৰচাৰিত আন এটা  বাতৰি   লাভ কৰিলো। তাত উল্লেখ আছিল- “চৌডি আৰবৰ হেইল অঞ্চলৰ আৰক্ষীয়ে দুটা পেট্ৰোল পাম্পত কৰ্মচাৰীৰ ওপৰত অত্যাচাৰ চলোৱা আৰু ডকাইতি কৰাৰ অপৰাধত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিচে।” একে ধৰণৰ পোষ্ট ইয়াত .পাব।

চৌডি আৰবৰ পাবলিক ছিকিউৰিটিৰ টুইটাৰ হেণ্ডেলত প্ৰচাৰ কৰা এটা টুইট এটাও আমি লাভ কৰিলো। তাত লিখা আছিল- “হেইল, আৰক্ষীয়ে দুটা গেছ ষ্টেচন (পেট্ৰোল পামপ)ৰ দুজন মানুহক আক্ৰমণ কৰি ধন লুট কৰা তিনিটা ডকাইত আটক কৰিলে।”

ওপৰৰ তথ্যই প্ৰমাণ কৰে, ভিডিওটো ডৌডিৰ, ভাইৰেল ভিডিওটোত দাবী কৰাৰ দৰে উত্তৰ প্ৰদেশৰ বাদাউনৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9এই নম্বৰত হোৱাটচ আপ কৰক