সত্যতা নিৰূপণ: আতচবাজীৰ পুৰণি ভিডিও টাইৱানৰ দেৱালীৰ ভিডিও বুলি শ্বেয়াৰ কৰা হৈছে

0 704

এটা অট্টালিকাৰ ছাদৰ আতচবাজীৰ ভিডিও এটা টাইৱানৰ দেৱালীৰ ভিডিও বুলি দাবী কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে।

“এই ১০১ মহলীয়া অট্টালিকাটো টাইৱানৰ টেইপেৰ, তাত দেৱালীৰ বন্তি দ্বলোৱা হৈছে।ভিডিওটোৰ শেষলৈ চাওক আৰু মনোৰম আতচবাজী উপভোগ কৰক।” ফেচবুকৰ পোষ্টটোৰ কেপচনত এইদৰে লিখা আছিল।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে। একেধৰণৰ পোষ্ট  ইয়াতইয়াতইয়াতইয়াতইয়াতইয়াত আৰু  ইয়াত আছে।

সত্যতানিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

আমি ভিডিওটোৰ কী প্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰিলো। আমি ইউটিউবত ২০২০ চনৰ ৩১ ডিচেম্বৰ ৰ এটা বিডিও লাভ কৰিলো।  “২০২১, টাইৱান নৱবৰ্ষৰ আতচবাজী  #TaiwanCanHelp,”- ভিডিওটোৰ শিৰোনামত লিখা আছিল।

ইয়াৰ ওপৰত ভিত্তি কৰিয়েই আমি অধিক অনুসন্ধান কৰাত  আমি দ্য টেলিগ্ৰাফত ২০২০ৰ ৩১ ডিচেম্বৰত প্ৰকাশিত বাতৰিত একেটা ভিডিও দেখা পালো।

“দ্বীপ ৰাষ্ট্ৰ টাইৱানৰ বহু নগৰত নৱবৰ্ষত আতচবাজী নিষিদ্ধ কৰিছে যদিও কাজধানী চহৰ টেইপেত নৱবৰ্ষৰ অনুষ্ঠান চৰকাৰে স্বীকৃতি দিছে, টেইপেৰ ১০১ মহলীয়া বিশ্বৰ সৰ্বোচ্চ অট্টালিকাত আয়োজিত এই অনুষ্ঠানৰ সম্প্ৰচাৰৰো ব্যৱস্থা কৰিছে, লগতে দেখুওৱা হৈছে আতকধুনীয়া আতচবাজী।”  ভিডিওটোৰ কেপচনত লিখা আছিল। আমি মূল ভিডিওটোৰ সৈতে ভাইৰেল বিডিওটো ৰিজাই চোৱাত পতিয়ন গলো য়ে দুয়োটা ভিডিও একে অনুষ্ঠানৰেই।

টাইৱানত ২০২০ৰ নৱবৰ্ষ পালনৰ আতচবাজীৰ বহু ভিডিও ইউটিউবত দেখা পালো। ইউটিউব ভিডিও বোৰৰ একাংশ ইয়াত  আৰু  ইয়াত আছে। .

নিউজমোবাইলে পূৰ্বেও ২০২০ৰ টকিও অলিম্পিকৰ বুলি দাবী কৰা একেটা ভিডিওৰ সত্যতা নিৰূপণ কৰি সেয়া ভুৱা বুলি প্ৰতিপন্ন কৰিছিল।

Fact Check: NO, This Video Does NOT Show The Firework Display At Tokyo Olympics 2020; Here’s The Truth

এই সত্যতা নিৰূপণে প্ৰমাণ কৰিলে যে বাইৰেল হোৱা ভিডিওটো টাইৱানৰ দেৱালীৰ নহয়, সেয়া নৱবৰ্ষ পালনৰ ভিডিওহে আছিল। ,

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক