সত্যতা নিৰূপণ: কৃষক সমাৰোহৰ পুৰণি ফটো মুজাফৰ নগৰৰ শেহতীয়া কিষাণ মহাপঞ্চায়তৰ ফটো বুলি দাবী কৰা হৈছে।

0 235

তলে ওপৰে মানুহেৰে ভৰ্তি হৈ থকা বাছ এখনৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোৰ সৈতে দাবী কৰা হৈছে যে এই ফটো মজাফৰ নগৰৰ কিষাণ মহাপঞ্চায়তৰ সময়ত সংগ্ৰহ কৰা।

২০২০ চনত তিনিখনকৈ কৃষক আইন গৃহীত হোৱাৰে পৰা দেশজুৰি কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ৫ ছেপ্তেম্বৰ ২০২১ত সংযুক্ত কিষাণ মঞ্চই উত্তৰ প্ৰদেশৰ মহজাফৰ নগৰত কিষাণ মহাপঞ্চায়ত অনুষ্ঠিত কৰিছিল।  ফেচবুকত প্ৰচাৰ হোৱা পোষ্টটোৰ ফটোৰ সৈতে হিন্দীতে লিখা কেপচনটো আছিল- “কাইলৈ মজাফৰ নগৰত কিষাণ মহাপঞ্চায়তত অনুষ্ঠিত হ’ব, কিন্তু আজিয়েই ৩ লাখ কৃষক আহি উপস্থিত হৈছে। মই ভাবো এতিয়ালৈ  বৃহত্ সমাৰোহৰ বাবে থকা সকলো ৰেকৰ্ড এইবাৰ ভংগ হ’ব। এই কৃষক সমাজে তেঁওলোকৰ প্ৰাপ্য আদায় কৰিহে এৰিব।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্টৰ লিংক ইয়াক আৰু  ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

আমি সাধাৰণ ভাবে ৰিভাৰ্ছ ইমেজ চাৰ্ছত ফটোখন দিয়াত ২০২০ চনৰ ২০ ছেপ্তেম্বৰত প্ৰকাশিত এটা বাতৰিত ভাইৰেস হোলা ফটোখন দেখা পালে। বাতৰিটোত কৃষকসকলে কিয় কৃষক বিধেয়ককেইখনৰ বিৰোধিতা কৰিছিল সেই সন্দৰ্ভত আছিল।ফটোখনৰ সৈতে লিখা আছিল- পাটিয়ালাৰ বিভিন্ন কৃষক সংগঠনৰ সদস্যই কেন্দ্ৰীয় চৰকাৰ কৃষক বিধেয়ক কেইখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাবলৈ ওলাইছে।

একেখন ফটোৱেই ২০২০ চনৰ ১১ ছেপ্তেম্বৰত আউটলুকৰ ফটো গেলাৰীত প্ৰকাশ পাইছিল।ফটোৰ বিৱৰণিত লিখা আছিল যে ফটোত দেখা পাটিয়ালাৰ মানুহৰ ভিৰটো হ’ল বিভিন্ন ঠাইৰ পৰা অহা কৃষক সংগঠনৰ সদস্যসকলৰ। তেঁওলোকে কেন্দ্ৰীয় চৰকাৰৰ কৃষক সম্পৰ্কীয় বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাবলৈ ওলাইছে।

আৰু অধিক অনুসন্ধানত আন এটা বাতৰিতো একেখন ফটো দেখা পালো। বাতৰিটো ২০২০ চনৰ ২০ ছেপ্তেম্বৰত প্ৰকাশিত।

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষক সম্পৰ্কীয় তিনিখন আইনৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ কৰিছে আৰু হাজাৰ হাজাৰ কৃষক দিল্লীৰ সীমাত অবস্থান গ্ৰহণ কৰিছে। বেছিভাগ কৃষকেই উত্তৰ প্ৰদেশ, পাঞ্জাব আৰু হাৰিয়ানাৰ পৰা যোৱা।২০২১ চনৰ ৫ ছেপ্তেম্বৰত অনুষ্ঠিত কিষাণ মহা পঞ্চায়তৰ ভিডিও ইয়াত চাব পাৰিব।

দেখা গ’ল পুৰণি ফটো এখনকে উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰৰ কিষাণ মহা পঞ্চায়তৰ ফটো বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। সেয়ে, ভাইৰেল পোষ্টটো ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক