সত্যতা নিৰূপণঃ কেইগৰাকীমান যুৱতীয়ে উদণ্ড লৰাক (ইভ টিজিঙৰ বাবে) কেদি গৈ আক্ৰমণ কৰাৰ পুৰণি ভিডিও এটাকেই কংগ্ৰেছৰ ‘লড়কী হু, লড় সকতী হু’ অভিযানৰ ভিডিও বুলি দাবী কৰা হৈছে

0 295

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংতা গান্ধী ৱাদ্ৰাই উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ৰাজ্যখনত  ‘লড়কী হু লড় সকতী হু’ (মই ছোৱালী, মই যুঁজিবও পাৰো) শীৰ্ষক এটা  অভিযান আৰম্ভ কৰিছিল। এনে সময়তে কেইগৰাকীমান যুৱতীয়ে  মানুহ এজনক খেদি খেদি মৰাৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে কংগ্ৰেছি এই অভিযানৰ অনুপ্ৰেৰণাতেই যুৱতীকেইগৰাকীয়ে ছোৱালী জোকোৱা (ইভ টিজাৰ) লোককেইজনক আক্ৰমণ কৰিছে।

ফেচবুকত প্ৰচাৰ কৰা ভিডিওটোৰ সৈতে কেপচনত লিখা আছে- “স্কুলীয়া ছাত্ৰীক অশালীন কৰা যুৱক এজনক ছোৱালী কেইজনীয়ে প্ৰিয়ংকা গান্ধীৰ #লড়কীলকলৱলড়কী_গু_লড়_সকতী_হু অভিযানৰ দ্বাৰা প্ৰেৰিত হৈ মাকৰ উচিত শিক্ষা দিলে।”

ওপৰৰ  পোষ্ট. টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।

আমি মূল শব্দ প্ৰয়োগ কৰি ইণ্টাৰনেটত অনুসন্ধান কৰাত আমি টাইমছ অৱ ইণ্ডিয়াত ২০১৮ চনৰ ১০ ডিচেম্বৰত প্ৰকাশিত এটা বাতৰি পালো, তাত সেই একেটা ভিডিও আপলোড কৰা আছিল। ভিডিওটোৰ বিৱৰণিত লিখা আছিল- “আমাৰ দেশত প্ৰতিদিনেই ইভ টিজিং বা মহিলাক দুৰ্ব্যৱহাৰ কৰা, কটু মন্তব্য কৰা ঘটনা সংঘটিত হয়, কিন্তু, বাঘপেট ধৰম সিং ইণ্টাৰ-কলেজৰ ছাত্ৰীৰ এই দলটোৱে তেঁওলোকৰ নিজা ধৰণেই এই সমস্যাটোৰ সামাধান উলিওৱাৰ সিদ্ধান্ত ললে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এই  ভিডিওটোত ছোৱালীকেইগৰাকীয়ে তেঁওলোকক অপমান কৰা যুৱকজনক লাঠিৰে কোবোৱাৰ সময়ত মুখ ঢাকি ৰাখিছিল।”

আৰু অধিক অনুসন্ধানত আমি একেটা ঘটনাৰ বাতৰি দ্য কুইণ্ট আৰু ইণ্ডিয়া টুডে’ত ২০১৮ চনত প্ৰচাৰিত হোৱা দেখিলো।

বাতৰিত প্ৰকাশ পোৱা অনুসৰি কংগ্ৰেছ নেত্ৰী প্ৰয়ংকা গান্ধী ৱাদ্ৰাই ২০২১ চনৰ নৱেম্বৰত ‘লড়কী হু লড় সকতী হু’ শীৰ্ষক অভিযান আৰম্ভ কৰিছিল।

এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল হোৱা ভিডিওটো পুৰণি, কংগ্ৰেছৰ অভিযান আৰম্ভ হোৱাৰ পাছৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক