সত্যতা নিৰূপনঃ বিশ্ব বেংকৰ উন্নয়নশীল ৰাষ্ট্ৰৰ তালিকাৰ পৰা ভাৰতৰ নাম দিয়া পুৰণি তালিকাকেই সেহতীয়া তালিকা বুলি দাবী কৰি সামাজিক মাধ্যমত ভাইৰেল হৈছে

0 372

কেইবাগৰাকীও সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে বিশ্ব বেংকে উন্নয়নশীল ৰাষ্ট্ৰৰ তালিকাৰ পৰা বাৰতৰ নাম কৰ্তন কৰা আৰু বৰ্তমান ভাৰত নিম্ন-মধ্যবিত্তশীল উপাৰ্জনক্ষম দেশ বুলি প্ৰকাসিত এটা বাতৰিৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে।

ফটোখনৰ সৈতে কেপচনত আছে-উন্নয়নশীল দেশৰ তালিকাৰ পৰা ভাৰতৰ নাম কৰ্তন কৰিলে বিশ্ব বেংকে, এতিয়া পাকিস্তান, জাম্বিয়া আৰু ঘানাৰ দৰে দেশৰ শাৰীত ৰাখি বিশ্ব বেংকে ভাৰতক পূৰ্বৰ তালিকাৰ পৰা বাহিৰ কৰিলে।এতিয়া আৰত নিম্ন-মধ্যবিত্তশীল পৰ্যায়ৰ দেশলৈ অধঃনমিত হল। 

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত. আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক বুলি প্ৰতিপন্ন কৰে।

উপযুক্ত শব্দ প্ৰয়োগ কৰি গুগলত বিচাৰ কৰাত আমি ২০১৬ চনৰ ৫জুনত জনসত্বাত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। বাতৰিটোত বিশ্ব বেংকে উন্নয়নশীল ৰাষ্ট্ৰৰ তালিকাৰ পৰা ভাৰতৰ নাম কৰ্তন কৰাৰ কথা প্ৰকাশ পাইছিল। ইয়াৰ লগতে বাতৰিটোত প্ৰকাশ পাইছিল যে এতিয়াৰ পৰা ভাৰত পাকিস্তান, জাম্বিয়া ঘানা আদিৰ দৰে দেশৰ শাৰীলৈ অধঃনমিত হল। 

 

 

মূল শব্দ প্ৰয়োগেৰে আৰু অধিক অনুসন্ধানত আমি দ্য ইকনমিক টাইমচত ২০১৬ চনৰ ৩১ মাৰ্চত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি বিশ্ব বেংকে অৰ্থনীতিৰ আৰু অধিক বিশদ ব্যাখ্যাৰ সন্ধান কৰি আছে। সেয়ে উন্নয়নশীল চৰিত্ৰৰ ওপৰত ভিত্তি কৰি দেশসমূহক বিভক্ত কৰি বিভিন্ন শাখাৰ সৃষ্টি কৰিছে। উদাহৰণ স্বৰূপে যদিও ভাৰতৰ সৈতে মেক্সিকো, মালৱিৰ কেতবোৰ অৰ্থনৈতিক চৰিত্ৰৰ সাদৃস্য আছে, তত্সত্বেও এই দেশসমূহৰ মাজত অৰ্থনৈতিক ৰাজনি কৰিব পৰা নাযায়।

২০১৬ চনৰ ৩জুনত দ্য ফাৰ্ষ্ট পোষ্ট কাকততো বাতৰিটো প্ৰচাৰ কৰা দেখিলো। বাতৰিটোত বিশ্ববেংকৰ তথ্য বিজ্ঞানী তাৰিক খোকাৰৰ উদ্ধৃতি দি প্ৰকাশ হৈছিল-  “আমাৰ বিশ্ব উন্নয়নশীলতাৰ সূচকৰ প্ৰকাশিত তথ্যত আমি নিম্ন আৰু মধ্য আয়ৰ দেশক একেলগে উন্নয়নশীল দেশৰ শাৰীত ৰখাটো বন্ধ কৰিছো।।বিশ্লেষণৰ সুবিধাৰ্থে ভাৰতক নিম্ন-মধ্যবিত্তশীল দেশৰ তালিকাভুক্ত কৰা হৈছে।

ইয়াৰ দ্বাৰাই স্পষ্ট হয়, ভাইৰেল হোৱা বাতৰিটো পুৰণি আৰু ইয়াক ভুৱা তথ্যৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক