সত্যতা নিৰূপনঃ পাকিস্তানৰ এটা পুৰণি ভিডিওকে পঞ্জাবৰ এজন তান্ত্ৰিক চিকিত্সক গ্ৰেপ্তাৰৰ শেহতীয়া ভিডিও বুলি দাবী কৰা হৈছে

0 405

এজন আৰক্ষীৰ লোকে কবৰৰ ভিতৰত লুকাই থকা অবস্থাৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰাৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে, এয়া অলপতে পঞ্জাবৰ এজন তান্ত্ৰিক চিকিত্সক গ্ৰেপ্তাৰৰ ঘটনাৰ দৃশ্য। অভিযোগ এঅনুসৰি তান্ত্ৰিকজনে কবৰত লুকাই থাকি তাৰ পৰা মাত দি ভক্তসকলক আভুঁৱাভাৰিছিল।

ভিডিওটোৰ কেপচনত আছে- “মৃতকক মাতিলে কবৰৰ পৰাই উত্তৰ দিছিল এইজন ভণ্ডই, পঞ্জাব আৰক্ষীয়ে কথাটো জানিব পাৰি কবৰৰ পৰা টানি উলিয়াই আনিলে।”

(English translation: Pir Sahib (faith healer) used to answer from the grave on the call of the fans. When the Punjab Police came to know about it, Peer Sahab was taken out of the grave with his voice)

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে এই   সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই দাবী অমুলক  বুলি প্ৰতিপন্ন কৰে।

ইনভিড টুলৰ সহায়ত আমি  কী ফ্ৰেমকেইটামানৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি হামদৰ্দ মিডিয়া গ্ৰুপ কানাডাৰ ইউটিউব চেনেলত ২০২১ৰ ১১ এপ্ৰিলত একেটা ভিডিও আপলোড কৰা দেখিলো। ভিডিওটোৰ বিৱৰণিত আছে- “কবৰত জীয়া পঞ্জাবী লোক | কবৰ স্থানত পীৰ বাবাৰ ভাইৰেল ভিডজিও | ভুৱা পীৰ | কবৰত জীয়া মানুহ ২০২১

আৰু অধিক অনুসন্ধানত আমি আন এটা  ইউটিউব চেনেলত ২০২০ৰ ১৫ ফেব্ৰুৱাৰীত একেটা ভিডিও আপলোড কৰা দেখিলো।  বিৱৰণিত লিখা আছে- শিয়ালকোটৰ সদৰ আৰক্ষী থানাৰ এজন ভণ্ড পীৰ বাবাই ভক্তৰ হৈ আৰধনা কৰিবলৈ ৪০ দিনৰ বাবে কবৰলৈ গৈছিল। তেঁওক কবৰৰ পৰা উলিয়াই অনাৰ দৃশ্য ইয়াত আছে।” 

আমি একেটা ভিডিও পাকিস্তানৰ পৰা প্ৰচাৰিত এটা নিউজ চেনেলত ২০২০ৰ ১৫ ফেব্ৰুৱাৰীত আপলোড কৰা দেখা পালো। ভিডিওটোৰ বিৱৰণিত আছে- “এক্স্লুছিভ!! ভণ্ড পীৰৰ ঘৰ কবৰত।”

বহুকেইটা পাকিস্তানী সংবাদ মাধ্যমত ২০২০ৰ ফেব্ৰুৱাৰীত একেটা ভিডিও প্ৰচাৰ হৈছিল, সেই বাতৰি ইয়াত আৰু ইয়াত চাব পাৰিব।

এই তথ্যৰ পৰাই স্পষ্ট হয়, ২বছৰ পূৰ্বৰ ভিডিও এটাকেই শেহতীয়া পঞ্জাবৰ তান্ত্ৰিক চিকিত্সক গ্ৰেপ্তাৰৰ দৃশ্য বুলি ভুৱা দাবী কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক