সত্যতা নিৰূপনঃ সএটা পুৰণি গোষ্ঠীয় সমদলকেই ত্ৰিপুৰাৰ শেহতীয়া ঘটনা বুলি দাবী কৰি সামাজিক মাধ্যমত ভাইৰেল হৈছে

0 440

মুছলমান বিৰোধী শ্লগান দি আগবঢ়া এটা ৰেলীৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যত ৰামনবমীৰ পাছত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ পাছতেই ভিডিওটোৰ বহুল প্ৰচাৰ হৈছে।

ভিডিওটোৰ কেপচনত আছে-আকৌ এবাৰ ত্ৰিপুৰাৰ হিন্দুসকল জাগৃত হল, এতিয়া আপোনাৰ পাল, ত্ৰিপুৰাত হিন্দুৰ খং পৰিস্ফুট হৈছে, ৰেলীৰ শ্লগান শুনক। তহঁতৰ দেউতাৰ নাম মহম্মদ-জয় শ্ৰীৰাম, হিন্দুসকল জাগি উঠিছে।

ওপৰৰ পোষ্টটোৰ লিংক  ইয়াত. পাব।

সত্যতা নিৰূপন

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেটা ভিডিও স্থানীয় নিউজ চেনেল নিউজ মুভত ২০২১ৰ ২৭ অক্টোবৰতপ্ৰচাৰ হোৱা দেখিলো। ইয়াৰ সৈতে থকা বিৱৰণিত আছিল-উত্তৰ ত্ৰিপুৰাৰ পানীসাগৰ অঞ্চলত ২৬ অক্টোবৰত মছজিদ ধ্বংস কৰা, ঘৰ, দোকানত অগ্নিসংযোগ কৰাৰ পাছত ত্ৰিপুৰাত প্ৰতিবাদৰ জোৱাৰ। অগ্নিসংযোগৰ ঘটনাটো সংঘটিত হৈছিল বাংলাদেশত হিন্দুসকলৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদে উলিওৱা প্ৰতিবাদী সমদলৰ সময়ত। এই ঘটনাৰ প্ৰতিবাদত উত্তৰ ত্ৰিপুৰা জিলাৰ মহকুমা ধৰ্ম নগৰত মুছলমানসকলে প্ৰতিবাদী সমদল উলিয়াইছে। সম্প্ৰতি পৰৱৰ্তী জাননী নিদিয়ালৈ অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা হৈছে।.”

আমি একেটা ভিডিও ২০২১ৰ ২৭ অক্টোবৰত ইণ্ডিয়া এহেডত প্ৰচাৰ হোৱা দেখিলো। ইয়াৰ বিৱৰণিত আছে-বাংলাদেশত হিন্দুসকলৰ ওপৰত চলোৱা উত্পীৰণৰ প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদে (VHP) মঙলবাৰে বিয়লি উলিওৱা প্ৰতিবাদী সমদলত উত্তৰ ত্ৰিপুৰাৰ সামটিলাত প্ৰতিবাদীসকলে এটা মছজিদ ধ্বংস কৰাৰ লগতে বহু ঘৰ, দোকানত অগ্নিসংযোগ কৰে বুলি প্ৰকাশ কৰে জিলাখনৰ আৰক্ষী অধীক্ষক ভূপেন্দ্ৰ চক্ৰৱৰ্তীয়ে। এই ঘটনাত সংখ্যালঘু সম্প্ৰদায়ৰ তিনিটা ঘৰ, কেইখনমান দোকানত অগ্নিসংযোগ কৰাৰ লগতে ৰোৱা বজাৰ অঞ্চলত লুটপাত চলোৱা বুলিও চক্ৰৱৰ্তীয়ে কয়।

এই ঘটনাটোৰ বিষয়ে  এবিপি নিউজ তো প্ৰচাৰ কৰা হৈছিল। বাতৰিটোৰ মতে ২০২১ চনত বিশ্ব হিন্দু পৰিষদৰ এটা শোভাযাত্ৰাত মছজিদকে ধৰি ঘৰ আৰু দোকান অংশগ্ৰহণকাৰীয়ে ধ্বংস কৰিছিল।   

এনেদৰেই আমি সামৰিব পাৰো যে পুৰণি ভিডিও এটাক ভুৱা দাবীৰে সামাজিক মাধ্যমত ভাইৰেল কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক